ডুমডুমাৰ কৰ্দৈগুৰিত ডকাইতি কাণ্ডঃ নিৰাপত্তা প্ৰদান কৰিবলৈ আটছাৰ দাবী

 07/24/2021 - 15:59
 
 
 
 
ডুমডুমাঃ ডুমডুমাৰ কৰ্দৈগুৰিত পুনৰ ডকাইতি কাণ্ড সংঘটিত হোৱা ঘটনা পোহৰলৈ আহিছে| কৰ্দৈগুৰিৰ দৰ্জীজান গাঁৱৰ ৰামু নাগবংশী নামৰ লোকজনৰ ঘৰত ২২ জুলাই তাৰিখৰ নিশা ৩ জনীয়া ডকাইতৰ দলে বলপূৰ্বকভাৱে প্ৰবেশ কৰি ৩৫ হাজাৰ টকা আৰু এটা মোবাইল ফোন লুট কৰি লয় যায়| ভুক্তভোগী পৰিয়ালে জানিবলৈ দিয়ামতে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালটোৱে খেতি-মাটি ক্ৰয় কৰাৰ উদ্দেশ্যে সঞ্চয় কৰি ৰখা ৩৫ হাজাৰ টকা ডকাইতৰ দলটোৱে লুটি নিয়ে|
 
ঘটনাটোৱে গাঁওখনত বহবাস কৰা চাহ জনগোষ্ঠীয় লোক সকলক শংকিত কৰি তোলা পৰিলক্ষিত হৈছে| উল্লেখযোগ্য যে, গাঁওখনত বাস কৰা চাহ জনগোষ্ঠীয় লোকৰ ওপৰত এনেধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হৈ অহাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চাহ জনজাতি ছাত্ৰ সন্থাই|
 
আটছাৰ নেতা ঈৰত তাঁতীয়ে বাঘজান আৰক্ষীৰ নিষ্কিয়তাৰ ফলত গাঁওখনৰ চাহ জনগোষ্ঠীয় লোকৰ ওপৰত এনেধৰণৰ ঘটনা বাৰম্বাৰ সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে| জানিবলৈ পোৱা মতে ঘটনা সংক্ৰান্তত বাঘজান থানাত এজাহাৰ দিয়া হৈছে যদিও আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে| 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।