পুখুৰী সদৃশ গাঁতেৰে ভৰি পৰিছে সোনাই-ছাইদৰীয়া সংযোগী গড়কাপ্তানী পথ, পথ মেৰামতিৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান আমছুৰ

 08/13/2021 - 13:24
 
 
 
বটদ্ৰৱাঃ নগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত এটি অন্যতম গুৰুত্বপূৰ্ণ পথ হৈছে সোনাই-ছাইদৰীয়া সংযোগী মূল গড়কাপ্তানী পথ৷ কিন্তু, দীৰ্ঘদিন ধৰি পথছোৱা মেৰামতি নকৰাৰ ফলত বৰ্তমান ঠায়ে ঠায়ে পথটোৰ অৱস্থা ইমানেই শোচনীয় হৈ পৰিছে যে, পথ নে পথাৰ ধৰিবই নোৱাৰি। সম্প্ৰতি কেইবাটাও পুখুৰী সদৃশ বৃহৎ দ গাঁতৰ সৃষ্টিৰে পথটো একপ্ৰকাৰ যাতায়াতৰ বাবে বিপদজনক হৈ পৰিছে৷ ফলত ৰাইজে এই পথটোৰে যাতায়াত কৰাৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে৷
 
আচলতে জন প্ৰতিনিধি আৰু গড়কাপ্তানী বিভাগৰ আওকণীয়া মনোভাৱৰ বাবেই ৰাইজে এই বিধ্বস্ত পথছোৱাৰে মৰণত শৰণ দি দীৰ্ঘদিন ধৰি যাতায়ত কৰি আহিছে। আজি সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মোশ্বাৰফ হুছেইন কবিৰৰ নেতৃত্বত আমছুৰ নগাঁও জিলা সমিতিয়ে ৰূপহী ৰাজহ চক্ৰ বিষয়ানীৰ জৰিয়তে মুখ্যমন্ত্ৰী ড○ হিমন্ত বিশ্ব শৰ্মা লৈ স্মাৰক পত্ৰ প্ৰদান কৰি উক্ত পথছোৱা অতি শীঘ্ৰে মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ দাবী জনাই। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।