09/28/2021 - 12:23
in
শালবাৰীঃ দীৰ্ঘদিনৰ অন্তত দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান৷ পহিলা অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ৷ সেয়ে পৰ্যটকক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ৷ সমান্তৰালভাৱে সাজু হৈ উঠিছে জীপ ছাফাৰী, হাতী ছাফাৰী, হোটেল-লজ আদিও৷
ক’ভিড মহামাৰীৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ৷ মানাহৰ প্ৰবেশদ্বাৰ বহুদিনৰ মূৰত খোল খোৱাৰ খবৰে আনন্দিত কৰি তুলিছে বনকৰ্মীসকলকো৷ বহুদিনৰ মূৰত পৰ্যটকৰ মুখ দেখিবলৈ পাব মানাহৰ সতে ওতপ্ৰোতভাবে লাগি থকা বনকৰ্মীসকলে৷ জীপ ছাফাৰী, হোটেল, ল’জৰ কৰ্মীসকল কৰ’নাকালীন পৰিৱেশৰ বাবে আৰ্থিকভাৱে অতিকৈ জুৰুলা হৈ পৰিছিল৷
শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পহিলা অক্টোৱৰত অন্যান্য পৰ্যটনস্থলী সমুহৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানো পৰ্যটকৰ বাবে মুকলি হ’ব বুলি কৰা মন্তব্যই উৎফুল্লিত কৰিছে মানাহৰ সতে জড়িত সকলোকে৷ ইতিমধ্যে প্ৰায় দুশখন জীপছি, শতাধিক হাতী, ২০ খনৰো অধিক ল'জ পৰ্যটকৰ বাবে সাজু কৰি তোলা হৈছে৷ জীপ ছাফাৰী, হাতী ছাফাৰী, ৰাফটিংৰো লগতে পৰ্যটকৰ বাবে থাকিব মানাহত নতুনকৈ সংযোজন কৰা হস্তী প্ৰদৰ্শনৰ ব্যৱস্থা৷ এইফালে, মানাহৰ অপূৰ্ব প্ৰাকৃতিক পৰিৱেশ, হাতী, বাঘ, গঁড়, ময়ুৰৰ পেখনৰ লগতে উদ্যানখনৰ মাজেৰে বৈ যোৱা বেঁকী নৈৰ কুলু কুলু শব্দই আকৰ্ষিক কৰিব প্ৰকৃতিপ্ৰেমীসকলক।