চাপৰত উচ্ছেদ অভিযান

 10/24/2021 - 17:55
 
 
চাপৰঃ চাপৰত উচ্ছেদ অভিযান। চাপৰ চাহ-বাগিছাৰ মালিকে দখল কৰা মাটি উচ্ছেদ। চাহগছ ৰুই দখল কৰিছিল চৰকাৰী ভূমি, জেচিবিৰে চা গছ উভালি কৰিলে বেদখল মুক্ত। চাপৰ চাহ-বাগিছাৰ মালিকে অবৈধভাৱে বহুদিনৰে পৰা দখল কৰি আছিল এই চৰকাৰী মাটি। মুঠ ১৩ বিঘা ১ কঠা ৫ লেচা মাটি  বেদখল কৰি আছিল। ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অন্তৰ্গত চাপৰ চাহ-বাগিছা অঞ্চলত বাগিছাৰ মালিকে বহু বিঘা চৰকাৰী ভূমি বেদখল কৰি চলাই গৈছে ৰমৰমীয়া বেহা। অৱশেষত চাপৰ চক্ৰ বিষয়া শান্তনু গগৈয়ে বেদখল মুক্ত কৰিলে উক্ত চৰকাৰী ভূমি।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।