ধিঙত ইটা ভাটাৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন আৰু চাইল্ড লাইনৰ অভিযান

 12/04/2021 - 18:10
 
 
 
 
বটদ্ৰৱাঃ ধিঙৰ ১২ টাকৈ ইটা ভাটাত চলোৱা অভিযানত উদ্ধাৰ হৈছে কেইবাগৰাকীও শিশু শ্ৰমিক। আনহাতে আটক এজন ইটা ভাটাৰ মালিক। আটকাধীন 5G নামৰ ইটা ভাটাৰ মালিক জনৰ নাম তজমুল ইছলাম।
 
ধিঙৰ ইটা ভাটা সমূহত শিশু শ্ৰমিক নিয়োগ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল৷ ধিং ৰাজহ চক্ৰ বিষয়া সন্তোষ কুমাৰ নাথ, ধিং আৰক্ষী আৰু চাইল্ড লাইনে চলাই অভিযান। আৰক্ষী প্রশাসনৰ অহাৰ উমান পায় ইটা ভাটাত নিয়োজিত শিশু শ্ৰমিকক লৈ কেইবাও ভাটাৰ মালিকে পলায়ন কৰিবলৈ সক্ষম হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।