12/27/2021 - 14:51
in
নিউজ ডেস্কঃ দেশৰ ১৬খনতকৈয়ো অধিক ৰাজ্যত বৰ্তমানলৈকে অমিক্ৰনৰ সংক্ৰমণ ধৰা পৰিছে। শেহতীয়া তথ্য অনুসৰি দেশত অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা ৫৭৮ লৈ বৃদ্ধি পাইছে।
অমিক্ৰন সংক্ৰমণৰ ক্ষেত্ৰত শীৰ্ষ স্থানত আছে মহাৰাষ্ট্ৰ।ৰাজ্যখনত শেহতীয়াকৈ ৩১জন লোকৰ দেহত অমিক্ৰনৰ সংক্ৰমণ ধৰা পৰিছে। মহাৰাষ্ট্ৰত বৰ্তমানলৈকে আক্ৰান্ত লোকৰ সংখ্যা ১৪১জন। ইয়াৰ উপৰি ৰাজধানী দিল্লীৰ লগতে কৰ্ণাটক, উত্তৰ প্ৰদেশ, হাৰিয়ানা, মধ্যপ্ৰদেশ, গুজৰাটতো প্ৰতিদিনে অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে।