বলিউডত এইবাৰ বিয়া নহয়, বিবাহ বিচ্ছেদৰ ঘটনাঃ ‘মালাইকা-অৰ্জুনৰ ৪ বছৰীয়া সম্পৰ্কত মেলিল ফাট

 01/12/2022 - 19:40
 
 
নিউজ ডেস্কঃ বলিউডত এইবাৰ মালাইকা অ’ৰোৰা-অৰ্জুন কাপুৰৰ বিচ্ছেদৰ কথা শুনিবলৈ পোৱা গৈছে৷ আৱেগিক মালাইকা সম্পূৰ্ণৰূপে ভাগি পৰা বুলিও প্ৰকাশ পাইছে। ‘মালাইকা-অৰ্জুনৰ ৪বছৰীয়া সম্পৰ্কত এতিয়া ফাট মেলাৰ সম্ভাৱনাই দেখা দিছে। বিগত ৪দিন ধৰি ঘৰৰ বাহিৰলৈ ওলোৱা নাই মালাইকাই। আশংকা অনুসৰি, বিচ্ছেদৰ বাবে মানসিকভাৱে ভাগি পৰিছে মালাইকা।
 
অৰ্জুনেও মালাইকাৰ কাষলৈ যোৱা নাই। কিন্তু দিনদিয়েক আগতে, বনি-পুত্ৰই তাইৰ নৈশভোজৰ নিমন্ত্ৰণ ৰক্ষা কৰি সম্পৰ্কীয় ভায়েক ৰিয়া কাপুৰৰ ঘৰলৈ গৈছিল। ইয়াৰপূৰ্বেও একাধিক অনুষ্ঠানত অৰ্জুনৰ ছাঁটোৰ দৰে থিয় দিছিল মালাইকাই। ’ তেনেস্থলত এতিয়া মালাইকাই সঁচাকৈয়ে প্ৰিয় প্ৰেমিকৰ পৰা নিজকে আঁতৰাই ৰাখিছে নেকি? অৱশ্যে এই প্ৰসংগত এতিয়ালৈকে কোনো পক্ষই মুকলিকৈ একোকে প্ৰকাশ কৰা নাই। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।