নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ যুৱ নেতা সুৰেশ বৰাৰ

 04/21/2022 - 18:53
 
 
নগাঁওঃ ঐতিহ্যমণ্ডিত নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে যুৱ নেতা সুৰেশ বৰাই৷ পৌৰসভা নিৰ্বাচনৰ পিছৰে পৰা নগাঁও জিলা কংগ্ৰেছৰ সভাপতি আসনখন খালী হৈ আছিল৷ শেহতীয়াকৈ বঢ়মপুৰৰ সুৰেশ বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জিলা কংগ্ৰেছৰ সভাপতি নিয়ুক্তি দিয়াৰ পিছত বৃহস্পতিবাৰে সুৰেশ বৰাই দায়িত্ব গ্ৰহণ কৰে৷ এই উপলক্ষে নগাঁৱৰ কংগ্ৰেছৰ কাৰ্যালয়ত এক সভা অনুষ্ঠিত হয়৷ দীৰ্ঘদিনৰ পিছত এই সভাখনত অগণন কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে৷ দিনৰ এঘাৰ বজাৰ পৰা আৰম্ভ হোৱা সভাখনিত সাংসদ প্ৰদ্যুত বৰদলৈ, গৌৰব গগৈ, বিধায়ক ৰকিবুল হুছেইন, নুৰুল হুদা আদি উপস্থিত থাকে৷ সভাত নব নিয়ুক্ত সভাপতি সুৰেশ বৰাই দলৰ সকলো নেতাৰ আৰ্শীবাদ বিচৰাৰ লগতে জ্যেষ্ঠ আৰু কনিষ্ট সকলোৰে সহযোগ কামনা কৰে৷ সভাপতি হিচাপে কাম কৰাৰ সময়ত নগাঁও জিলাত দলটোক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত বৰাই কাম কৰি যাব বুলি সভাত উল্লেখ কৰে৷ উল্লেখযোগ্য যে, সভাতেই ৰূপহী সমষ্টিৰ বিধায়ক নুৰুল হুদাই স্বীকাৰ কৰে যে, পূৰ্বতকৈ বৰ্তমান সময়ত কংগ্ৰেছৰ শক্তি কমি গৈছে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।