বিশ্বনাথৰ উত্তৰ চাৰিআলি ৰাস মহোৎসৱত অভিনেত্ৰী মেঘৰঞ্জনী মেধী

 11/08/2022 - 16:05
 
 
 
 
জামুগুৰিহাটঃ ৰাস মহোৎসৱক লৈ উদুলি-মুদুলি পৰিৱেশ সমগ্ৰ ৰাজ্যত৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ চাৰিআলিতো আৰম্ভ হ'ল ৰাস মহোৎসৱ৷ বিশ্বনাথৰ উত্তৰ চাৰিআলি সাৰ্ব্বজনীন ৰাস মহোৎসৱত মোহিনীৰ ভাৱত দেখা গ'ল অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী মেঘৰঞ্জনী মেধীক৷ অভিনয়ৰে মোহিলে ৰাসস্থলীত উপস্থিত হাজাৰ হাজাৰ দৰ্শকক৷ উল্লেখ্য যে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া উত্তৰ চাৰিআলি সাৰ্ব্বজনীন ৰাস মহোৎসৱ পাঁচদিনীয়াকৈ উদযাপন কৰা হৈছে৷ বিশ্বনাথ চাৰিআলিৰ ৰেলগেটত অনুষ্টিত এই ৰাস মহোৎসৱৰ বিশেষত্ব হৈছে মুচলমান মহিলাৰ ৰাসৰ গীতত কণ্ঠদান। লগতে কেইবাগৰাকীও মুছলমান শিল্পীয়ে অভিনয় কৰিছে ৰাস মহোৎসৱত৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।