হত্যা, সুৰা আৰু অসমীয়া সমাজ...

 09/19/2024 - 17:06
  • তফিকউদ্দিন আহমেদ
মহামানৱ মহাত্মা গান্ধীৰ পুত্ৰই যেতিয়া ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল তেতিয়া গান্ধীজীয়ে এটা কথা জানিবলৈ উদগ্ৰীৱ হৈ আছিল, সেয়া আছিল তেওঁৰ সন্তানে মদ্যপান ত্যাগ কৰিছেনে নাই ! মহাত্মা গান্ধীয়ে কৈছিল যে- 'তেওঁৰ সন্তানে ধৰ্ম পৰিৱৰ্তনত সিমান আপত্তি নাই যিমান আপত্তি মদ্যপানত আছে৷'
 
শেহতীয়াকৈ আমাৰ অসমত কিছুমান নোহোৱা নোপোজা ঘটনা সঘনে সংঘটিত হ’বলৈ ধৰিছে ৷  সভ্য সমাজৰ বিবেক দংশন কৰা এই ঘটনাবোৰে এক ভয়াবহ সময়ৰ ইংগিত বহন কৰিছে ৷ ধৰ্ষণ, হত্যাকাণ্ডৰ ঘটনাই অসমৰ পৰিৱেশ উত্তাল কৰি থকাৰ সময়তে আন কিছুমান ভয়ংকৰ ঘটনাই বিবেকবান মানুহক চুই গৈছে ৷ পিতৃয়ে পুত্ৰক হত্যা কৰা বা পুত্ৰই পিতৃ-মাতৃক হত্যা কৰা আদি ঘটনাবোৰ সঘনাই সংঘটিত হ’ব ধৰিছে৷ আগতে চাহ বাগান বা যথেষ্ট অনুন্নত কিছু ঠাইত কাচিৎ দুই এটা এনেকুৱা নাৰকীয় ঘটনা সংঘটিত হৈছিল ৷ এই ঘটনাবোৰৰ শিপালৈকে গ’লে দেখা যায় যে অনুন্নত,অশিক্ষিত আৰু অবাধ সুৰাৰ প্ৰচলন থকা ঠাইবোৰতহে সভ্য সমাজক জোকাৰি যোৱা কিছুমান  নাৰকীয় ঘটনা সংঘটিত হৈছিল।
 
শেহতীয়াকৈ কেইবাটাও ঘটনাৰ দৃশ্যপট দেখি আচৰিত হৈছো ৷ আমাৰ অসমীয়া সমাজখনতো এনেকুৱা ভয়ংকৰ নাৰকীয় ঘটনা সঘনাই সংঘটিত হ’বলৈ ধৰাত কোনোবাখিনিত ভয় খাইছো ৷ কালিৰ নলবাৰী বৰ্মন পৰিয়ালত পুত্ৰই পিতৃক হত্যা কৰাৰ পাছত আজি শিৱসাগৰৰ বৰুৱা পৰিয়ালত পিতৃয়ে পুত্ৰক হত্যা কৰিছে ৷ এই দুয়োটা অসমীয়া নিম্ন মধ্যবিত্ত পৰিয়াল৷ যদি আপুনি ঘটনাৰ শিপালৈকে যায় তেনেহ’লে দেখিব ইয়াৰ আঁৰত আছে সুৰা ৷ সুৰাৰ অবাধ প্ৰচালন আগতে চাহ বাগিছাৰ লাইন বা কিছু অনগ্ৰসৰ অঞ্চলত সীমাবদ্ধ আছিল ৷
 
চাহ বাগিছাত বা সাধাৰণ কাম-বন কৰি জীৱন নিৰ্বাহ কৰা এই মানুহখিনিৰ প্ৰায়ভাগেই অশিক্ষিত আৰু সুৰাকে জীৱনৰ বন্ধু বুলি গণ্য কৰিছিল ৷ এইখিনি মানুহে পুৱাৰ পৰা নিশালৈকে সুৰাৰ ৰাগিত মত্ত আছিল, বহুসময়ত বিষাক্ত সুৰা সেৱনৰ ফলত বহুতে অকাল মৃত্যুকো আকোঁৱালি ল’বলগীয়া হৈছে ৷ এতিয়া যেন সময় সলনি হৈছে, এই সুৰাৰ প্ৰাদুৰ্ভাৱ অসমৰ বিভিন্ন প্ৰান্তলৈকে সিঁচৰিত হৈছে ৷  অসমৰ চুকে-কোণে লোকেল সুৰাৰ লগতে বিদেশী সুৰা সুলভ হৈছে। চৰকাৰে ৰাজহৰ বাবে জধেমধে সুৰাৰ দোকানৰ লাইচেঞ্চ দিছে, যাৰবাবে হত্যা, ধৰ্ষণৰ দৰে  জঘন্য ঘটনা ধাৰাবাহিক সংঘটিত হৈ আছে ।
 
এই সকলো অপৰাধৰ আঁৰত কিন্তু সুৰা ৷ মানুহক আমাক ধৰ্মৰ আফিং খুৱাই বিকলাংগ কৰা হৈছে যাতে মানুহবোৰে প্ৰকৃত কথাত মাত মাতিব নোৱাৰে ৷ ধৰ্মক লৈ বা নিজৰ সম্প্ৰদায়ৰ বাবে সম্প্ৰীতি বিনষ্ট হৈছে ৷ একাংশৰ নীচ মানসিকতাৰ বাবে ভাতৃত্বৰ সম্পৰ্কত ঘূণে ধৰিছে ৷ সদাজত  বিভেদ সৃষ্টি হৈছে ৷ কিন্ত ধৰ্মৰ নামত ভেদাভেদ সৃষ্টি কৰাতকৈ এইবোৰ সামাজিক ব্যাধিৰ বিৰুদ্ধেহে মাত দিয়াৰ সময় আহিছে ৷ সুৰাৰ বিৰুদ্ধে এইবোৰৰ একগোট হৈ জনমত গঠনৰ সময় আহিছে নহ’লে এই সুৰাই এদিন আপোনাকো ধ্বংস কৰিব, আপোনাৰ ঘৰতো এনেকুৱা নাৰকীয় ঘটনা সংঘটিত হ’ব...
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।