গুৱাহাটীঃ এজনী খুব মৰমলগা কণমানি ছোৱালী। সময়ৰ সোঁতত একলা দুকলাকৈ বাঢ়ি আহিছিল তাই। যেন এপাহি দুপাহিকৈ পাহি মেলি ফুলি উঠা এপাহ ধুনীয়া ফুল। নাম তাইৰ ৰীপা ভৰদ্বাজ। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। ফুলি উঠা ফুলপাহ আধা পাহি মেলোতেই মৰহিল। সময়ৰ কাল হাতোৰা ৰৈ আছিল কণমানিজনীক চিৰনিদ্ৰাৰ কোলাত শুৱাই দিবলৈ।
২০০৫ চনৰ ১৬ মাৰ্চ, এটা অভিশপ্ত দিন। ৰীপাৰ বয়স তেতিয়া আছিল মাত্ৰ ৭ বছৰ। পঢ়ি আছিল গুৱাহাটীৰ সম্ভ্ৰান্ত চেইণ্ট মেৰীজ স্কুলৰ দ্বিতীয় শ্ৰেণীত। নিয়মানুৱৰ্ত্তীতাৰ নামত স্কুল কৰ্তৃপক্ষই চলাইছিল কঠোৰ শাসন। শ্ৰেণী চলি থকা অৱস্থাত পানী খাবলৈ আৰু প্ৰস্ৰাৱ কৰিবলৈ অনুমতি দিয়া নহৈছিল ছাত্ৰ-ছাত্ৰীক। একপ্ৰকাৰ ই আছিল শাৰীৰিক আৰু মানসিক আতিশয্য। সেইদিনাও এনে আতিশয্যৰ বলি হৈছিল কণমানি ৰীপা।
শ্ৰেণীকোঠাত পাঠদান চলি থকা অৱস্থাত ৰীপাক প্ৰস্ৰাৱ কৰিবলৈ অনুমতি নিদিয়াত স্কুল ছুটীৰ পাছত স্কুল চৌহদৰ ওচৰতে পাৰ্কিং কৰি থোৱা নিজ স্কুলৰ বাছৰ পাছফালে ৰীপাই লৰালৰিকৈ প্ৰস্ৰাৱ কৰিবলৈ বহোতেই বাছখনে বেক কৰি দিয়ে আৰু কণমানিজনীৰ বাছৰ চেপাত থিতাতে মৃত্যু হয়। কিন্তু এই দুৰ্ভাগ্যজনক ঘটনাৰ দায়িত্ব গ্ৰহণ কোনেও নকৰিলে। স্কুল কৰ্তৃপক্ষ, স্কুল বাছখনৰ(নং- AS01C- 5355) ড্ৰাইভাৰ কনক বড়ো, বাছখনৰ মালিক প্ৰদীপ কুমাৰ বড়া কোনো আগবাঢ়ি নাহিল এই দুৰ্ঘটনাৰ দায়িত্ব মূৰ পাতি ল’বলৈ।
চেইণ্ট মেৰীজ স্কুল কৰ্তৃপক্ষৰ মানৱীয়তা ইমানখিনিও নাছিল যে ৰীপাৰ পৰিয়ালে কণমানিজনীৰ স্কুল বেগটো ঘূৰাই দিবলৈ বাৰে বাৰে কাকূতি-মিনতি কৰাৰ পাছতো বেগটো ঘৰৰ মানুহৰ হাতত গতাই দিবলৈ প্ৰয়োজনবোধ নকৰিলে। এই ঘটনা সংক্ৰান্তত ঘৰৰ মানুহে ০৮-০৪-২০০৫ তাৰিখে জালুকবাৰী আৰক্ষী চকীত (case no 119/05. u/s 279/304-A of IPC)এক গোচৰ ৰুজু কৰে।
আজি এই ঘটনাটো সংঘটিত হোৱা ১৪ বছৰ সম্পূৰ্ণ হ’ল কিন্তু পৰিয়ালবৰ্গই আজিলৈকে ন্যায়ালয়ৰ পৰা একো ন্যায় নাপালে। যোৱা বহু বছৰ ধৰি এই গোচৰৰ শুনানিও গোচৰীয়া পক্ষক একো কাৰণ নেদেখুৱাকৈ বন্ধ কৰি ৰাখিছে মহামান্য কামৰূপ জিলা আদালতে। ৰীপা ভৰদ্বাজৰ পৰিয়ালে ন্যায় পাবনে? ন্যায় পাবনে কণমানি ৰীপাই? প্ৰত্যেক বছৰে ১৬ মাৰ্চৰ দিনা আমি ৰীপাৰ নামত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিয়েই নাগৰিক হিচাবে আমাৰ দায়িত্ব সামৰিম নে?