08/05/2019 - 15:47
in
![](https://pratibimbalive.com/sites/default/files/styles/article-detail/public/articles/av.jpg?itok=S4tvKOJi)
অভয়াপুৰীঃ অভয়াপুৰীত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ৩টাকৈ বাসগৃহ জাহ যায়। অভয়াপুৰীৰ পিৰাধৰা প্ৰথম খণ্ড গাঁৱৰ আমিৰ হামজা নামৰ ব্যক্তিজনৰ ৰান্ধনী ঘৰৰ পৰা সূত্ৰপাত হয় এই অগ্নিকাণ্ডৰ। এই অগ্নিকাণ্ডত আমিৰ হামজা, জিয়াৰুল ইছলাম, সিৰাজুল হকৰ তিনিটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
লগতে ঘৰৰ ভিতৰত মজুত থকা বহু সম্পত্তি, সোনৰ অলংকাৰকে ধৰি প্ৰায় ২ লাখ টকাৰ সম্পত্তি জুইত জাহ যায়। উল্লেখ্য যে পৰিয়ালৰ লোকে ৰন্ধা বঢ়া কৰি থাকোতে আখলৰ পৰা জুই সম্প্ৰসাৰিত হৈ সমগ্ৰ ঘৰটোকে চানি ধৰে। লগে লগে হুৱা দুৱা লগাত স্থানীয় ৰাইজে জুই অধিক সম্প্ৰসাৰণ হোৱাৰ পৰা ৰক্ষা কৰে।