ডিমাকুছি চাহবাগিচাত অনুষ্ঠিত আন্তঃবাগিচা চূড়ান্ত ফুটবল প্ৰতিযোগিতাৰ সামৰণি

 09/24/2019 - 13:17

ভেৰগাঁওঃ মঙ্গলদৈ চাৰ্কোলৰ অন্তৰ্গত ডিমাকুছি চাহবাগিচাত ৮ ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হোৱা আন্তঃ বাগিচা ফুটবল প্ৰতিযোগিতা ডিমাকুছি চাহবাগিচাত স্বৰ্গীয় চক্ৰধৰ তছা সোৱৰণি নৈ ফুটবল প্ৰতিযোগিতাৰ সামৰণি পৰে। দুবছৰ পিছত সোণালীজয়ন্তী হ'বলগীয়া মঙ্গলদৈ চাৰ্কোলৰ অন্তৰ্গত চাহবাগিচা সমূহৰ ফুটবল প্ৰতিযোগিতাত নিশা হাজাৰ হাজাৰ খেলপ্ৰেমী ৰাইজ উপস্থিত থাকে।

ফাইনেল খেলখনৰ উদ্বোধন কৰে মঙ্গলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়াই, খেলখনত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে বিটিচিৰ উপাধ্যক্ষ নৌৰ্শ্বান বড়ো, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিউছ কুজুৰ। উক্ত ফুটবল প্ৰতিযোগিতাত মঙ্গলদৈ চাৰ্কোলৰ বহুকেইখন চাহবাগিচাৰ ফুটবল দলে অংশগ্ৰহণ কৰে। ৮ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতা খনত ফাইনেল খেলখনত পতাকা উত্তোলন কাৰ্য্যসূচীৰে আৰম্ভ কৰি বিভিন্ন জনগোষ্ঠীৰ বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠানৰে জাকজকমকীয়াকৈ আৰম্ভ কৰে।

ডিমাকুছি চাহবাগিচাৰ খেলপথাৰত অনুষ্ঠিত ফুটবল খেলখনত বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ফুটবল প্ৰেমী ৰাইজে অংশগ্ৰহণ কৰে। পানেৰী চাহবাগিচা আৰু ভুটিয়াচাং চাহবাগিচাৰ মাজত অনুষ্ঠিত চুড়ান্ত খেলখনত পানেৰী চাহবাগিচাই ৪-২ ব্যৱধানত ভুটিয়াচাং চাহবাগিচাক পৰাস্ত কৰি বিজয়ী হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।