নাওবৈছা বিদ্যুত উপ সংমণ্ডলৰ চৰম গাফিলতি

 10/02/2019 - 15:06

লালুকঃ  লখিমপুৰ জিলাৰ নাওবৈচা বিদ্যুত উপ সংমণ্ডলৰ অন্তৰ্গত বঙালমাৰা আৰক্ষী চকীৰ অধীনত থকা দৌলত পুৰ গাঁওৰ দৃশ্য। য’ত মাটিৰ পৰা মাত্ৰ ৬/৭ ফুট ওপৰেৰে পাৰ হৈছে হাই ভল্টেছৰ বিদ্যুত পৰিবাহী লাইন। যিহেতুকে বৰ্তমান সময়ছোৱাত বিদ্যুত বিভাগৰ গাফিলতিৰ বাবে সঘনে বিদ্যুতপৃষ্ঠ হৈ বহুলোকে মৃত্যুক আঁকোৱালি লব লগা হৈছে।

স্থানীয় ৰাইজে নাওবৈচা বিদ্যুত উপ সংমণ্ডলক এনেকুৱা বিদ্যুত লাইনৰ ভয়াবহ পৰিস্থিতিৰ বিষয়ে বহুবাৰ অৱগত কৰাৰ পিছতো আজিলৈকে গা লৰা দেখা নগল বিদ্যুত বিভাগৰ কোনো এজন কৰ্মচাৰীৰ যাৰ বাবে যি কোনো সময়ত দৌলতপুৰ গাঁওত ভয়াবহ দুৰ্ঘটনা হোৱাৰ আশংকা আছে।

বিদ্যুত বিভাগৰ মন্ত্ৰী মহোদয় আপোনাৰ কৰ্মচাৰীয়ে অকল চকীত বহি থাকিয়েই দায়িত্ব সামৰাৰ লগতে নিৰিহলোকে বিদ্যুতপৃষ্ঠ হৈ মৃত্যুবৰণ কৰা চাই থকায়ে কৰ্তব্য নেকি? যদি সেইয়া নহয় আপোনালোকৰ কৰ্মচাৰীবিলাকক অনতিপলমে বিভিন্ন ঠাইত ওলমি থকা হাই ভল্টেছৰ লাইনবোৰ মেৰামতি কৰি নিৰীহ লোকক ভয়াৱহ দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে যেন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।