লখিমপুৰৰ বগীনদীত দুৰ্ধৰ্ষ বাইক চোৰ আটক

 10/06/2019 - 12:41

লখিমপুৰঃ চুৰি কৰা বাইকসহ আটক কৰিলে কদম নভঙনীয়াৰ পল্লৱ গোহাঁই ওৰফে মইনা গোহাঁইক। চুৰি কৰা ১৫০ পালছাৰ বাইক সহঃ চোৰৰ পৰা কিনা এজনকো আটক কৰে বগীনদী আৰক্ষীয়ে। কনিষ্টবল ৰাতুল হাজৰিকাৰ বুদ্ধি দক্ষতাৰ বাবেই আটক চোৰটো। নতুন বাইকখন নম্বৰ প্লেটবিহীন। দুৰ্ধৰ্ষ চোৰটোৱে বাইকখন চুৰ কৰি ১১ হাজাৰ টকাত বিক্ৰী কৰিছিল এজনক।

আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত দুৰ্ধৰ্ষ চোৰটোক আটক কৰি জেৰা কৰাত সমষ্ট কথা স্বীকাৰ কৰে। পূৰ্বতেও চুৰি কৰি জে'ললৈ গৈছিল চোৰ পল্লৱ গোহাঁই। ইতিমধ্যে চোৰটোক জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।