গুৰুজনাৰ জন্ম উৎসৱ উপলক্ষে শুৱালকুছিত বাট ভাওনা

 10/07/2019 - 15:41

কামৰূপঃ বস্ত্ৰ নগৰী শুৱালকুছিত শংকৰদেৱৰ জন্মোৎসব লৈ উখল মাখল পৰিবেশ। বস্ত্ৰ নগৰী শুৱালকুছিৰ প্ৰতিখন সত্ৰ নাম ঘৰত গুৰু জয়ন্তীৰ কাৰ্যসূচী। সোমবাৰে প্ৰথম দিনৰ কাৰ্যসূচী উপলক্ষে শুৱালকুছিৰ ৰাজপথত প্ৰদৰ্শন কৰা হৈছে বাট ভাওনা।

শংকৰদেৱৰ গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শন কৰিছে প্ৰতিখন সত্ৰ নামঘৰৰ যুৱক সকলে। বিভিন্ন বেশ ভূষাৰে ৰাজপথত ভাওনা প্ৰদৰ্শন কৰা হৈছে। শুৱালকুছিৰ ৰাজপথৰে উলিওৱা হৈছে ধৰ্মীয় শোভাযাত্ৰা।

গুৰু বন্দনাৰে মুখৰিত শুৱালকুছিৰ আকাশ বতাহ। ৰাজ্যৰ ভিতৰত একমাত্ৰ শুৱালকুছিতে বাট ভাওনা প্ৰদৰ্শন কৰা হয়।

অসমৰ ভিতৰত প্ৰথম বাৰৰ বাবে বস্ত্ৰ নগৰী শুৱালকুছিৰ ঈশ্বৰ শ্ৰী শ্ৰী হাটী সত্ৰত পালন কৰা হৈছিল গুৰু জয়ন্তী। কাইলৈ নগৰ কীৰ্তন ভিন্ন কাৰ্যসূচীৰে গুৰু জনাৰ জন্ম উৎসৱ উদযাপন কৰিব শুৱালকুছি বাসীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।