বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত টুকটুকিত বিশাল প্ৰতিবাদ

 10/10/2019 - 14:55

বটদ্ৰৱাঃ বৃহস্পতিবাৰে দিনৰ ১০বজাত কঠহগুৰি বজাৰৰ পৰা ৰৌমাৰি হৈ বালিজানলৈ যোৱা একমাত্ৰ পথটিৰ জৰাজীৰ্ণ অৱস্থাক লৈ সাব্যস্ত কৰিলে প্ৰতিবাদ। উক্ত পথটিয়েই বৃহত্তৰ টুকটুকী অঞ্চলটিৰ মূল কেন্দ্ৰ বিন্ধু। এই পথটিৰে নিতৌ মৰণক সৰণ দি অহা-যোৱা কৰিবলগীয়া হয় এখন মহাবিদ্যালয়, দুখন কনিষ্ঠ মহাবিদ্যালয়, এখন হাইস্কুলকে ধৰি বিভিন্ন শিক্ষানুষ্ঠানৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী।

এই সম্পৰ্কে স্থানীয় জনপ্ৰতিনিধিক ৰাইজে বহুবাৰ জনায়ো সুফল নোপোৱাত সাব্যস্ত কৰিলে প্ৰতিবাদ। এই প্ৰতিবাদত আমছু, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা, আৰু সদৌ অসম সংখ্যালঘু গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ লগতে অঞ্চলটোৰ ৰাইজ তথা হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী ওলাই আহিল পথত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।