10/22/2019 - 13:32
in
মায়ংঃ দানৱৰূপী শিক্ষকৰ বৰ্বৰতা। মৰিগাঁও জিলাৰ বহাবৰজাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ধ্ৰুবজ্যোতি ভূঞাই অষ্টম শ্ৰেণীৰ ছাত্ৰ সুজিত বিশ্বাসক আজি বিনা কাৰণ অতি নিৰ্মম প্ৰহাৰ কৰে। যাৰ ফলত ছাত্ৰজনৰ মূৰ, ডিঙি, হাত, কাণ আদিত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয়। এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত। জানিব পৰা মতে শিক্ষকজনৰ বিৰুদ্ধে আগতেও এনেবোৰ কাৰ্যৰ বাবে অভিযোগ উত্থাপণ কৰা হৈছিল। এতিয়া প্ৰশ্ন হয় এনেবোৰ শিক্ষকৰ বিৰুদ্ধে কোনে লব পদক্ষেপ।