বছৰ বছৰ ধৰি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত বৃহত্তৰ শিমলুআটিবাসী

 11/17/2019 - 18:27

বটদ্ৰৱাঃ জনস্বাস্থ্য কাৰিকৰী বিভাগ নগাঁও সংমণ্ডললৈ বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে  আৱণ্টিত পুঁজিৰ সোঁত বৈছে যদিও দীৰ্ঘদিন ধৰি বিকল হৈ থকা শিমলুআটি পানীযোগান আঁচনিখনৰ ক্ষেত্ৰত গ্ৰহণ কৰা বৈষম্যমূলক নীতিক লৈ দেওবাৰে বৃহত্তৰ অঞ্চলবাসীৰ  মাজত এক প্ৰশ্ন উদয় হৈছে। প্ৰাপ্ত এক বাতৰি মতে, নগাঁও জিলাৰ ধিং উপ- সংমণ্ডলৰ অধীনস্থ শিমলুআটি পানী যোগান আঁচনিখন বিগত কেইবা  বছৰ ধৰি বিকল হৈ আছে।

যাৰ ফলত পানী যোগান আঁচনিটোৰ পাইপসমূহ ঠাইয়ে - ঠাইয়ে জহি খহি গৈছে। অভিযোগ অনুসৰি, কেৱল মাত্ৰ বিভাগীয় অৱহেলাৰ বাবে  আঁচনিখন বৰ্তমান বন্ধ হৈ পৰিছে। যাৰ বাবে বৃহত্তৰ অঞ্চলবাসীয়ে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে বছৰ- বছৰ ধৰি হাহাকাৰ কৰিবলগীয়া হৈছে। 

বিশেষকৈ দৰিদ্ৰ পৰিয়াল সমুহে বীজাণু যুক্ত পানী সেৱন কৰি নানান বেমাৰ-আজাৰত আক্ৰান্ত হৈ দিনে- দিনে ৰোগাক্ৰান্ত হৈ পৰিছে। অতি তাৎপৰ্যপূৰ্ণ বিষয় যে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধিং উপ- সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ পৰা মাত্ৰ ১৫ কিলোমিটাৰ নিলগত  অৱস্থিত উক্ত আঁচনিখনে আজিকোপতি বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰা টো অতি পৰিতাপৰ বিষয়।

  কেৱল মাত্ৰ চৰকাৰী ধন  অপচয়ৰ বাহিৰে নামত হে  আঁচনিখন স্থাপন কৰিছিল বুলি অঞ্চলবাসীয়ে অতি ক্ষোভৰে জানিবলৈ দিয়ে। সময়ে -সময়ে পৰিবৰ্তনৰ  কথা কোৱা এই  চৰকাৰখনে শিমলুআটিৰ এই  বৃহৎ সমস্যা সমাধান কৰি পানী যোগান আঁচনিখন পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে  অঞ্চলবাসীয়ে বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।