কেব সন্দৰ্ভত অগপ নেতৃত্বৰ বিৰোধিতা কৰি তিনিচুকীয়াৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ দলটোৰ পৰা পদত্যাগ

 12/06/2019 - 15:34

ডুমডুমাঃ নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ সন্দৰ্ভত অসম গণ পৰিষদৰ নেতৃত্বৰ বিৰোধিতা কৰি তিনিচুকীয়া জিলাৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই দলটোৰ পৰা পদত্যাগ কৰিছে। পদত্যাগ কৰা নেতাসকল হ'ল কুলেশ্বৰ ফুকন, কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য ৰাজেশ চাহু, তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য। প্ৰশান্ত কুমাৰ গগৈ, তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য যুগ কুমাৰ আৰন্ধৰা, উপ-সভাপতি, তিনিচুকীয়া জিলা সমিতি।

অনন্ত শৰ্মা, তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ৰাজীৱ শইকীয়া, সম্পাদক, গাভৰুভেটি আঞ্চলিক সমিতি। সঞ্জীৱ বৰা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য, অসম যুৱ পৰিষদ। মুনীন্দ্ৰ গগৈ, জিলা কাৰ্যনিৰ্বাহক সদস্য, অসম যুৱ পৰিষদ। ৰণজিৎ শইকীয়া, জিলা কাৰ্যনিৰ্বাহক সদস্য, অসম যুৱ পৰিষদ। মনোজ শইকীয়া, জিলা কাৰ্যনিৰ্বাহক সদস্য, অসম যুৱ পৰিষদ। জীৱন মৰান, সম্পাদক, বৰহাপজান আঞ্চলিক সমিতি|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।