04/15/2020 - 18:06
in
উত্তৰ গুৱাহাটী: ক'ৰণাৰ প্ৰকোপ দিনে দিনে বৃদ্ধি পাইছে। চৰকাৰে ২১ দিনীয়া লকডাউনৰ অন্তত পুনৰ ৩ মে'লৈ লকডাউন সময়সীমা বৃদ্ধি কৰিলে। যাতে ৰোগ সংক্ৰমণ নহয়। উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ অন্তৰ্গত ভেটামুখ তিনিআলি উত্তৰ গুৱাহাটী কলেজ চ'কত কিন্তু দেখা গ'ল সম্পূৰ্ণ বিপৰীত ছবি এখনহে।
মাছ, গাখীৰ আদি খাদ্য সামগ্ৰীৰ দোকান আৰু চকত সদায় দেখা গৈছে ভিৰ। একাংশ স্হানীয় বাসিন্দাই এনে পৰিস্থিতিত যিকোনো সময়তে বেমাৰৰ বিজাণু সংক্ৰমণ ঘটিব বুলি আশংকা কৰিছে। কিয়নো অঞ্চলটোত বহু বহিৰাগত শ্ৰমিকে ভাৰাতীয়া হিচাপে বসবাস কৰে।
আনহাতে ভেটামুখ তিনি আলিতটো ৱাইন খোলাৰ পৰা ৰাজপথত যঠেষ্ট ভিৰ অঞ্চলসমূহত লকডাউন নিম্নতম নিয়মো পালন কৰা নাই। গাতে গা লগাই বজাৰ সমাৰ কৰিছে। সামাজিক দূৰত বাবে কৰা আহ্বান যেন অসাৰ।