04/29/2019 - 12:50
in
ওদালগুৰিঃ নিজ প্ৰতিভা বিকাশত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে। হাজাৰ বাধা-বিঘিনি আহিলেও লক্ষ্য যদি স্থিৰ হয় তেন্তে বিজয় নিশ্চিত। সেই কথাকে প্ৰমাণ কৰিলে খেলুৱৈ চান্দনী খাতুনে।
অতি দৰিদ্ৰ পৰিয়ালৰ চান্দনী খাতুনে উত্তৰ প্ৰদেশৰ চাহৰণপুৰত অনুষ্ঠিত হোৱা দ্বিতীয় আন্ত:ৰাষ্ট্ৰীয় কেৰাটে চেম্পিয়নশ্বীপৰ ৪৫ কেজি শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।
এইবাৰৰ সৈতে চান্দনীয়ে মুঠ ৯ বাৰ সোণৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ওদালগুৰি জিলাৰ মাজবাটৰ খাৰুৱালাৰ কন্যা চান্দনী খাতুনৰ সফলতাত মাজবাটবাসী ৰাইজৰ মাজত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।