আজি ধুবুৰীত উপস্থিত হ'ল কৃষি মন্ত্ৰী অতুল বৰা-ফনীভূষণ চৌধুৰী

 04/22/2020 - 18:40

গৌৰীপুৰ: আজি ধুবুৰীত উপস্থিত হ'ল কৃষি মন্ত্ৰী অতুল বৰা আৰু যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰী৷ সামাজিক দূৰত্ব অৱলম্বন কৰি কৃষি কাৰ্য আৰম্ভৰ দিহা মন্ত্ৰীৰ। ধুবুৰী জিলা উপায়ুক্তৰ সভাকক্ষত মন্ত্ৰী বৰা আৰু চৌধুৰীৰ সংবাদ মেল। কৃষকক বিনামূলীয়াকৈ তিতা কেৰেলা, তীয়হ আদিৰ বীজ যোগানৰ সিদ্ধান্ত। কৃষকক ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আৰু ছোলাৰ লাইটৰ জড়িয়তে খেতি পথাৰত পানী যোগানৰ প্ৰতিশ্ৰুতি দৰে মন্ত্রী দুজনে

আনহাতে কৃষকৰ ক্ষয় ক্ষতিৰ তথ্য সোনকালে দিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিলে মন্ত্ৰী বৰাই। ইফালে যোগান মন্ত্ৰীৰ মতে জিলাখনত প্ৰচুৰ খাদ্য সামগ্ৰী মজুত আছে৷

প্ৰায় এমাহৰ খাদ্য বস্তু মজুত থকাৰ পৰি কোনো ব্যৱসায়ীয়ে লডাউনৰ সুযোগ লৈ যাতে মূল্যবৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনক তীক্ষ্ণ নজৰ ৰাখিবলৈ আহ্বান জনায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।