ঢকুৱাখনাত লকডাউনৰ মাজতে সমূহীয়া শ্ৰমদান: গাঁঠিৰ ধন ভাঙি পথ নিৰ্মাণ

 05/06/2020 - 13:47

ঢকুৱাখনা: ঢকুৱাখনা ভাটি কেকুৰীত লকডাউনৰ মাজতে সমূহীয়া শ্ৰমদান। চৰকাৰী অৱহেলাৰ বিপৰীতে নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিছে দুই কিলোমিটাৰ পথ। দুশবছৰ অধিক পুৰণি এই গাঁওখনলৈ যাবলৈ নাই কোনো সুচল বাট-পথ। বাৰিষা নাও আৰু খৰালি পথাৰৰ মাজেদিয়ে বাহিৰলৈ ওলোৱা-সোমোৱা কৰিব লাগে গাঁওবাসীয়ে। ইপিনে এই গাঁও খনৰ মাজেৰেই ইটো পাৰে থকা ছয়-সাতখন গাঁৱলৈ যাব পৰা এইটোৱেই হৈছে অতি চমু পথ।

কিন্তু কাণসাৰ নাই চৰকাৰী প্ৰশাসন অথবা জনপ্ৰতিনিধিৰ। বহুবছৰ অনুনয়-বিনয়ৰ অন্তত স্থানীয় মন্ত্ৰী তথা বিধায়ক নব কুমাৰ দলেই ষোল্ল লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি দিছিল এখন ক'ল্ড ৱেডাৰ ব্ৰিজ। কিন্তু সেইখনৰো অৱস্থা এতিয়া তথৈবচ। সেয়েহে ভাটি কেকুৰী গাঁৱৰ ৰাইজে এই লকডাউনৰ মাজতে প্ৰত্যেকজন লোকৰ ঘৰৰ পৰা অৰ্থ সংগ্ৰহ কৰি নামি পৰিছে পথ নিৰ্মাণৰ কামত। নহ'লে যে সমাগত বাৰিষাত পুনৰ দূৰ্ভোগ ভুগিব লাগিব গাঁওবাসীয়ে।

সেয়েহে যোৱা পহিলা মে'ৰ পৰা লকডাউনৰ নিয়ম অনুসৰি সামাজিক দূৰত্ব বজাই ৰাখিও সমূহীয়া শ্ৰমদানেৰে নামি পৰিছে পথ নিৰ্মাণত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।