অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰ সংবাদমেল

 02/27/2019 - 18:45

গুৱাহাটী : সাধাৰন শ্ৰেণীৰ সংৰক্ষণ আৰু অনুসূচিত জাতিৰ সংৰক্ষিত পদত চাকৰি কৰা বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাই গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে এখন সংবাদ মেল অনুস্থিত কৰে। পূৰ্বে ৪খনকৈ মিটিং অনুষ্ঠিত কৰাৰ পিছতো কোনো ধৰণৰ তথ্য দিব নোৱাৰাত ৩০আগষ্ট ২০১৩ ত সন্থাটোৱে আই টি আই মাৰিছিল। ইয়াৰ পাছতো কোনো ধৰনৰ ব্যৱস্থা হাতত নল’লে চৰকাৰখনে। অসমত বাস কৰা প্ৰায় ৫০লাখ অনুসূচিত জাতিৰ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে।

৭০বছৰ ধৰি এই সকলো লোকৰ কোনো সামাজিক, অৰ্থনৈতিক, শৈক্ষিক দিশত উন্নতি হোৱা দেখা নগ'ল। এইসকল লোকৰ সংৰক্ষনৰ যি ব্যৱস্থা আছিল সেই ব্যৱস্থা বৰ্তমান বিজেপি চৰকাৰখনে নাইকিয়া কৰাৰ পৰিকল্পনা কৰিছে। বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অনানুষ্ঠানিক প্ৰমান-পত্ৰ লৈ চাকৰি কৰি আছে। অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰ সদস্যই তাৰে ৬জনৰ নাম উল্লেখ কৰিছে। সেই ৬ জন হ'ল ৰামকৃষ্ণ পাল, বি. আৰ ৰাও, ধীৰেন দাস, কল্যাণ কুমাৰ দাস, দীপক দাস, নীলমনি মালাকাৰ। জাতিগত প্ৰমান-পত্ৰৰ জালিয়াতি আৰু সংৰক্ষিত পদত যিসকল অনা-অনুসূচিত জাতিৰ লোকে অধিকাৰ গ্ৰহণ কৰি আহিছে, এই বিষয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত মোকৰ্দমা কৰা হৈছিল।

উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ পৰা কৈফিয়ৎ তলব কৰাত অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ে, জাতিগত প্ৰমান-পত্ৰ পুনৰীক্ষন কমিতিখনে আজি পৰ্য্যন্ত তদৰাকী শাখা গঠন কৰা নাই বুলি উল্লেখ কৰে। লগতে ইয়াকো কয় যে চৰকাৰে যদি ইয়াৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অতি শীঘ্ৰে তীব্ৰ আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ন কৰিব অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাই। এই সংবাদ মেলত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সভাপতি নিত্যানন্দ দাস, উপদেষ্টা অৰুণজ্যোতি দাস, সাংগঠনিক সম্পাদক বিজয় দাস, নগাঁও জিলা সমিতিৰ সম্পাদক মনোজ দাস, ডিব্ৰুগড় জিলাৰ সমিতিৰ সভাপতি মাধৱ দাস, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি মনোজ দাস, সহ সম্পাদক হেমন্ত দাস আদিৰ লগতে বহুতো বিশিষ্ট ব্যক্তি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।