মহাৰাষ্ট্ৰত নক্সালপন্থীৰ ভয়ংকৰ আক্ৰমণঃ শ্বহীদ ১৫ জন জোৱান

 05/01/2019 - 19:36

ডিজিটেল ডেস্কঃ আজি দুপৰীয়া ১২:৩০ বজাত মহাৰাষ্ট্ৰৰ গড়চিৰিলিত আৰ পি এফৰ পেট্ৰলিং বাহনৰ ওপৰত নক্সালপন্থীৰ ভয়ংকৰ আক্ৰমণ।এই আক্ৰমণত ১৫ জন আৰ পি এফৰ জোৱান শ্বহীদ হয়। বাহন খনত ১৬ জন জোৱান আছিল।

এনে কাপুৰুষালি কাৰ্য্যক বিভিন্ন জনে গৰিহণা দিছে। মহাৰাষ্ট্ৰৰ গটচিৰ’লীত বুধবাৰৰ পুৱা মাওবাদীয়ে আৰক্ষীৰ বাহনত লক্ষ্য কৰি এক আই ই ডি বিস্ফোৰণ সংঘটিত কৰে। এই বিস্ফোৰণত ১৫জনকৈ নিৰাপত্তাৰক্ষী আহত হোৱা বুলি প্ৰাথমিক তথ্যত প্ৰকাশ। সমগ্ৰ অঞ্চলটোত নিৰাপত্তাৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে।

বৰ্তমানলৈ অঞ্চলটোত নিৰাপত্তাৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আক্ৰমণস্থলীৰ পৰা অহা খবৰ অনুসৰি এই বিস্ফোৰণত চূৰ্ণ-বিচূৰ্ণ হৈ পৰিছে আৰক্ষীৰ বাহনখন। আৰক্ষীৰ বাহন খনত মুঠ ১৬ জন আৰক্ষী যোৱান আছিল। উল্লেখযোগ্য যে, এই স্থানতেই ১১ এপ্ৰিলত এটা ভোটগ্ৰহণ কেন্দ্ৰৰ সমীপত মাওবাদীয়ে আন এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত কৰিছিল।

আনহাতে আজি পুৱাৰ ভাগত মাওবাদীয়ে গটচিৰ’লী জিলাৰে কুৰখেদা নামৰ ঠাইত পথ নিৰ্মাণৰে জড়িত এটা কোম্পানীৰ কেবাখনো বাহন জ্বলাই দিয়ে। ইয়াৰ উপৰিও ৯ এপ্ৰিলত বিজেপিৰ বিধায়কক ছত্তীশগড়ত হত্যা কৰিছিল মাওবাদীয়ে। উল্লেখ্য যে মহাৰাষ্ট্ৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ দিনাই মাও সন্ত্ৰাসবাদীয়ে ২৪ ঘণ্টাৰ ভিতৰতে চলালে দুটাকৈ ভয়ংকৰ বৃহৎ আক্ৰমণ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।