অসম আৰক্ষীৰ ব্লেক কামাণ্ডোৰ বিৰুদ্ধে ফেৰীৱালাক লাঠীৰে কোবাই হাত ভঙাৰ অভিযোগ

 05/10/2020 - 14:06

বিজনী: চিৰাং জিলাৰ বিজনীৰ ২ নং বিষ্ণুপুৰ বজাৰত শনিবাৰে অসম আৰক্ষীৰ ব্লেক কামাণ্ডোই চাইকেলৰ জৰিয়তে খোৱা সাগ্ৰী বিক্ৰী কৰি ঘূৰি ফুৰা এগৰাকী ফেৰীৱালাক লাঠীৰে কোবাই বাওঁ হাতখন ভাঙি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীৰ নিৰ্যাতনৰ বলি হোৱা ফেৰীৱালা গৰাকী বিজনীৰ ৩ নং বিষ্ণুপুৰ নিৱাসী ৪২ বছৰীয়া পৰিতোষ সৰকাৰ। 

উল্লেখ্য ফেৰিৱালা গৰাকীয়ে চাইকেলেৰে ২ নং বিষ্ণুপুৰ বজাৰত নিমকি, পৰঠা আদি খোৱা সামগ্ৰী বিক্ৰী কৰি থাকোতে আৰক্ষীৰ ৰোষত পৰে। LOCKDOWNৰ পূৰ্বে ফেৰীৱালা  গৰাকীয়ে বজাৰে বজাৰে নিমকি, মিঠাই আদি খোৱা সামগ্ৰীৰ দোকান দিছিল। কিন্তু LOCKDOWN চলি থকাৰ বাবে বন্ধ হৈ আছে সকলো হাট-বজাৰ। ফলত ক্ষুদ্ৰ ব্যৱসায়ী পৰিতোষ সৰকাৰে চাইকেলেৰে ফেৰীৱালাৰ জীৱন আৰম্ভ কৰে।

শনিবাৰে উক্ত বজাৰখনত টহল দিবলৈ যোৱা পাণবাৰী থানাৰ ব্লেক কামাণ্ডোৰ ৰোষৰ বলি হোৱা পৰিতোষ সৰকাৰক পাছত পৰিয়ালৰ লোকে ২ নং বিষ্ণুপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱায় ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।