ঘূৰ্ণিবতাহ ফণীৰ বাবে বাতিল ৰে'ল সেৱা

 05/02/2019 - 15:44

ডিজিটেল ডেস্কঃ আজি চলিবলগীয়া ১০০খন ৰে’ল বাতিল কৰিলে ৰে’ল বিভাগে। ভাৰতীয় ৰে’লয়ে ১০০ খনতকৈও অধিক ৰে’ল চলাচল বাতিল কৰিলে ঘূৰ্ণিবতাহ  ফণীৰ  বাবে।কাল ধুমুহাই ফনীৰ বাবে বাতিল কৰা ৰেলকেইখন হল- পাটনা-এৰনাকুলম এক্সপ্ৰেছ, নতুন দিল্লী-ভৱনেশ্বৰ ৰাজধানী এক্সপ্ৰেছ, পুৰী-আনন্দ বিহাৰ টাৰ্মিনেল নীলাচল এক্সপ্ৰেছ, পুৰী-নতুন দিল্লী পুৰষোত্তম এক্সপ্ৰেছ, হাওড়া-চেন্নাই চেণ্ট্ৰেল কোমোমণ্ডল এক্সপ্ৰেছ, হাওড়া-হায়দৰাবাদ ইষ্ট-কোষ্ট এক্সপ্ৰেছ, মুজফৰ-পুৰ-য়শবন্তপুৰ এক্সপ্ৰেছ। এই কেইটা ৰুটত ৰেলৰ চলাচল বাতিল কৰা হৈছে।

ভূৱনেশ্বৰ আৰু পুৰীত যাবলগীয়া প্ৰতিখন বাহন ২ মেৰ সন্ধিয়ালৈ বন্ধ থাকিব। পুৰীৰ পৰা হাওড়া হৈ বেংগালুৰু , চেন্নাই আৰু ছেকেন্দ্ৰাবাদলৈ যাবলগীয়া ৰে’লসমূহে ২মে'ৰ সন্ধিয়া বাতিল কৰা হৈছে।ভূৱনেশ্বৰ আৰু পুৰীৰ মাজত চলিবলগীয়া সকলো বাহন ৩ মে'ত বাতিল কৰা হৈছে। ঘূৰ্ণিবতাহ ফণী গোপালপুৰ আৰু পুৰীৰ দক্ষিনেৰে চান্দবলী হৈ আহি শুক্ৰবাৰে দুপৰীয়া ওড়িশা সাগৰৰ পাৰ চুব। এই অনুসৰি প্ৰায় প্ৰতি ঘণ্টাত ১৭৫-১৮৫ কি:মি: ৰ পৰা প্ৰতি ঘণ্টাত ২০৫ কি:মি: বেগেৰে বতাহ বলাৰ আশংকা কৰা হৈছে। ইফালে অসমৰ পৰাও চলাচল কৰা ৬ খন ৰেলৰ চলাচল বাতিল কৰা হৈছে।

বাতিল হল শিলচৰ-তিৰুৱন্তপুৰম চেণ্ট্ৰেল এক্সপ্ৰেছ, গুৱাহাটী-ছেকেন্দ্ৰাবাদ এক্সপ্ৰেছ, তাম্বৰম-ডিব্ৰুগড় এক্সপ্ৰেছ আৰু তিৰুবন্তপুৰম চেণ্ট্ৰেল শিলচৰ এক্সপ্ৰেছৰ যাত্ৰা।ওড়িশাত আবদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী। আজি ১২ বজাৰ ভিতৰত তীৰ্থযাত্ৰী সকলক কোঠা খালী কৰিবলৈ ৰ্নিদেশ দিয়ে। ৪ মে'ত অসমলৈ উভতি অহাৰ কথা আছিল তীৰ্থযাত্ৰীৰ দলটো। ঘূৰ্ণিবতাহ ফণীৰ বাবে এই ৰ্নিদেশ জাৰি কৰা হৈছে।ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত আগৰতলালৈকে ৰে’লৰ ব্যৱস্থা কৰা হৈছে।সকলো তীৰ্থযাত্ৰীক নিৰাপদে উভতি আহিব পাৰিব। ৩মে'ৰ ভিতৰত সকলোকে উভতি আহিবলৈ আহ্বান চৰকাৰৰ।এই কথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।