জুৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নিলম্বিত: হিতাধিকাৰীক ধন বিতৰণক লৈ অনিয়ম

 05/19/2020 - 18:12

জুৰীয়াজুৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মইনুল হক চৌধুৰীক আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে তৎকালে বলৱৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বিত কৰে। ইতিমধ্যে জুৰীয়াৰ বিভিন্ন পঞ্চায়তত ৰেচন কাৰ্ড বিহীন হিতাধীকাৰীক এক হাজাৰ টকাকৈ বিতৰনকলৈ প্ৰস্তুত কৰা তালিকাত খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে স্বাক্ষৰ কৰিছিল।

কিন্তু উন্নয়ন খণ্ডটোৰ অন্তৰ্গত কছাৰী গাওঁ, গদাইমাৰী পঞ্চায়তকে ধৰি বিভিন্ন পঞ্চায়তত ব্যাপক খেলিমেলিৰ সৃষ্টি হৈছিল। বিশেষকৈ উক্ত পঞ্চায়ত কেইটাত ৰেচন কাৰ্ড থকা , বিত্তবান লোকে বিভাগীয় ব্যৱস্থাক অংগুষ্ঠ দেখুৱাই খণ্ড উন্নয়ন বিষয়া গৰাকীৰ আশীৰ্বাদতেই হিতাধীকাৰী তালিকাত আন্তৰ্ভুক্ত হৱলৈ সক্ষম হৈছিল। ইয়াকেলৈ বিভিন্ন সময়ত ৰাইজে উত্থাপন কৰা অভিযোগৰ ভিত্তিত বিভাগীয়ভাৱে তদন্ত কৰি আজি তৎকালে বলবৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বিত কৰা হয়।

উল্লেখ্য যে ইতিপূৰ্বে উন্নয়ন খণ্ডটোৰ অন্তৰ্গত পঞ্চায়তে পঞ্চায়তে হোৱা ধন বিতৰণৰ ব্যাপক খেলিমেলিৰ বাবে দুগৰাকীকৈ পঞ্চায়ত সচিব নিলম্বিত হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।