ওড়িশাত ফণীৰ কালৰূপ

 05/03/2019 - 15:35

ডিজিটেল ডেক্স: কালধুমুহা ফণীৰ প্ৰভাৱ পৰিছে ওড়িশাত। ওড়িশাৰ প্ৰায় ১০ খন ৰাজ্যৰ হাজাৰ গাওঁ আৰু ৫২ খন চহৰত। প্ৰতিঘণ্টাত ১৭৫ কি:মি: বেগত অহা ফণীয়ে খুন্দা মাৰিছে ওড়িশাক।

ঠায়ে ঠায়ে ভাঙি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ। ওড়িশাৰ উপকূলৱৰ্তী অঞ্চলত ইতিমধ্য হাইএলাৰ্ট জাৰি কৰিছে।প্ৰতিটো স্থানতে সস্ত্ৰম হৈ আছে প্ৰশাসন,উদ্ধাৰকাৰী দল। বিপদজনক স্থানৰ প্ৰায় ১১ লাখ লোকক স্থানান্তৰিত কৰা হৈছে আৰু এইসকল লোক থাকিবৰ বাবে ৫০০ ৰো অধিক আশ্ৰয়শিবিৰ স্থাপন কৰিছে।

ইফালে ৰাজপথত উভালি পৰা গছ, উদ্ধাৰ কৰিবলৈ যোৱা প্ৰশাসনৰ লোকক গাড়ী যোৱাত যাতে কিছু সুবিধা হয় তাৰ বাবে স্থানীয় একাংশ লোকে পথৰ পৰা আঁতৰ কৰিছে গছ। ২০ বছৰত ওড়িশাত খুন্দা মৰা ফণী আটাইকৈ ভয়ানক ঘূৰ্নি বতাহ, যাৰ বাবে এনডিআৰএফৰ ১০০ টা দলো মোতায়েন কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ খবৰ অনুসৰি পশ্চিমবংগ হৈ এই ঘূৰ্ণিবতাহ বাংলাদেশলৈ যাব। পশ্চিমবংগৰ সাগৰৰ পাৰতো সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।