অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হাজী মো: ওৱাজেদ আলীৰ বিয়োগ: শোকস্তব্ধ বৃহত্তৰ বাটমাৰী

 05/21/2020 - 19:09

বটদ্ৰৱা: নগাঁও জিলাৰ বাটমাৰী গাঁৱৰ নিবাসী বিশিষ্ট শিক্ষাবিদ, সমাজ সংগঠক হাজী মো: ওৱাজেদ আলী বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ মঙলবাৰে নিশা ১০ বজাত নিজৰ বাসগৃহত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ। সংখ্যালঘু বসতিপ্ৰধান গ্ৰাম্যাঞ্চল বাটমাৰী গাঁৱত ১৯৩৯ চনত জন্ম গ্ৰহণ কৰি  শিক্ষাবিদজনে নিজৰ  আশাশুধীয়া আৰু ঐকান্তিক প্ৰচেষ্টাত কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠান গঢ়ি তোলাত মুখ্য ভূমিকা গ্ৰহণ কৰি স্থানীয় অঞ্চলজুৰি এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তুলিছিল।

শিক্ষক হিচাপে প্ৰতিটো গুণৰেই অধিকাৰী হোৱা শিক্ষাবিদ হাজী মো: ওৱাজেদ আলী সুদীৰ্ঘকাল ভোমোৰাগুৰি শ্ৰী শ্ৰী মাধৱদেৱ এম ই স্কুলত শিক্ষকতা কৰি ১৯৯৭ চনত প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। উল্লেখ যে, তেওঁৰ বহু ছাত্ৰ বৰ্তমান চিকিৎসক, অধ্যাপক, অভিযন্তা, অধিবক্তা আদি উচ্চ পৰ্যায়ৰ পদত অধিষ্ঠিত হৈ বৰ্তমান একো একোটা সমাজৰ নক্ষত্ৰ হিচাপে সমাজ পোহৰাই তুলিছে ।

আজীৱন ইছলামিক নীতি নিয়মেৰে জীৱন অতিবাহিত কৰা হাজী মো: ওৱাজেদ আলী এজন মৃদুভাষী, সৰবৰহী ব্যক্তি আছিল। বুধবাৰে দিনৰ ১০ বজাত চৰকাৰী নিৰ্দেশনাক সন্মান জনাই এক আবেগিক পৰিবেশত পৰিয়ালৰ লোকৰ উপস্থিতি তেওঁৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয়।

মৃত্যুৰ সময়ত তেওঁ পত্নী, দুজন পুত্ৰ, দুগৰাকী কন্যাৰ লগতে সাত গৰাকী নাতি নাতিনীৰ লগতে বহুতো আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত বিভিন্নজনে শোক প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।