উৎপল কুমাৰ কলিতা: বিশেষজ্ঞ সকলৰ ধাৰনা সত্য প্ৰমাণ কৰি ভাৰতত হোৰা হোৰে বাঢ়িছে ক'ভিড নাইটিন আক্ৰান্ত। ব্যতিক্ৰম নহয় অসমো। কিন্তু যোৱা চাৰিদিনত দেশত ক'ভিড নাইটিন আক্ৰান্তৰ ৭৯শতাংশই হ'ল বহি:ৰাজ্যৰ পৰা অহা শ্ৰমিক। যিবোৰ ৰাজ্যত শ্ৰমিক অধিক ঘৰলৈ আহিছে তেনে ৰাজ্যত বাঢ়িছে আক্ৰান্ত। কিন্তু কিয় হোৰা হোৰে আক্ৰান্ত হৈছে শ্ৰমিক।
লকডাউনৰ প্ৰথমৰ পৰাই শংকা আছিল প্ৰব্ৰজনকাৰী শ্ৰমিকৰ পৰা বিয়পিব ক'ৰনা। আৰু শেষত সেয়াই হ'ল। আকস্মিকভাবে শ্ৰমিকৰ বাবে কোনো সুচিন্তিত আঁচনি নোলোৱাকৈ ঘোষণা কৰা হল লকডাউন। বন্ধ হল উদ্যোগ, প্ৰতিষ্ঠান। কাম, আশ্ৰয় হেৰুৱা শ্ৰমিকৰ হাহাকাৰ। ভোকাতুৰ শ্ৰমিকে ঘৰলৈ যাবলৈ ওলাই আহিল। সৰ্বত্ৰ শ্ৰমিকৰ বৃহৎ বৃহৎ সমাবেশ হ'ল। শেষত চৰকাৰে আৰম্ভ কৰিলে শ্ৰমিক ৰে'ল, বহু স্হানত ব্যৱস্থা কৰা হ'ল বাছৰ। কিন্তু সকলোতে সুচিন্তিত, আঁচনি পৰিকল্পনাৰ অভাব।
ডিজিটেল ভাৰতত বিফল ই-টিকত, ই-বুকিং ব্যৱস্থা। শ্ৰমিকসকলে ৰে'ল বাছৰ টিকটৰ বাবে ওলাই আহিল। মুম্বাই, চেন্নাই, চণ্ডীগড়, দিল্লী, আহমেদাবাদ ক'ৰনাৰ হটস্পট সমূহত সৃষ্টি হ'ল বৃহৎ বৃহৎ শ্ৰমিক সমাবেশ। সামাজিক দূৰত্ব, লকডাউন হৈ পৰিল শূণ্য। সৃষ্টি হ'ল একো একোটা ভয়ংকৰ ক'ৰনা বোমাৰ। ৰে'লেৰে নিজ ৰাজ্য পোৱাৰ পাছতো সেই একেই অৱস্হা। শ্ৰমিক সকলে সামাজিক দূৰত্ব দলিয়াই সমবেত হ'ল কোৱাৰেনটাইন চেন্টাৰ, স্ক্ৰেনিং চেন্টাৰৰ সন্মুখত। নাই ক'তো সুপৰিকল্পিত আঁচনি।
চৰকাৰৰ বৰমুৰীয়াই সংবাদ মেল পাতি কৈছে কিবা বাস্তবত হৈছে কিবা। সুচিন্তিত, শৃংখলিত আঁচনিৰ অভাৱত সৃষ্টি হ'ল ক'ৰনা বোমা। আৰু পৰিণতি এয়া। হোৰা হোৰে বাঢ়িছে ক'ভিড আক্ৰান্ত। শ্ৰমিক সকলৰ বাবে নামি আহিছে আন এক ভয়ংকৰ বিপদ। যেন সকলোতে মৃত্যুৰে খেলা কৰিব লগা হৈছে শ্ৰমিক সকলে। এতিয়া এই ক'ৰনা বোমাৰ বিস্ফোৰণে আগন্তক সময়ত কি ৰূপ লয় সেয়া হব লক্ষণীয়। কাৰন কোটিৰ ঘৰৰ সংখ্যাৰে শ্ৰমিক উভতিব নিজ নিজ ৰাজ্যলৈ।
সুশৃংখল আঁচনিৰ অভাবত যেন এতিয়া নিশেষ হ'ব লকডাউনৰ সকলো কষ্ট।