বঙাইগাঁৱত বহিঃৰাজ্যৰ পৰা আহি পালে ৬৭ জন শ্ৰমিক

 05/28/2020 - 15:00

বঙাইগাঁও: বঙাইগাঁৱত বহিঃৰাজ্যৰ পৰা আহি পালে ৬৭ জন শ্ৰমিক নতুন দিল্লীৰ পৰা বিশেষ ৰে'লেৰে নিউ বঙাইগাঁও জংচনত উপস্থিত হয় এইসকল শ্ৰমিক বঙাইগাঁও, চিৰাং, গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলাৰ এইসকল যাত্ৰী ৰে'লখন জংচনত উপস্থিত হোৱাৰ পিছতে সামাজিক দূৰত্ব অটুত ৰাখি এইসকল লোকক লৈ যোৱা হয় জংচনটোত স্থাপন কৰা স্বাস্থ্য পৰীক্ষা কেন্দ্ৰত স্বাস্থ্য পৰীক্ষাৰ অন্তত তেঁওলোকক বাছেৰে নিজ নিজ জিলালৈ পঠোৱা হব আৰু নিজ জিলাত কোৱাৰেন্টাইন কৰিব

সমান্তৰালভাৱে বঙাইগাঁৱৰ যাত্ৰী সকলক নিজ নিজ এলেকাৰ বিদ্যালয় আদি অনুষ্ঠান-প্ৰতিষ্ঠানত কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছে প্ৰশাসনে শেহতীয়াকৈ যিহেতু বহিঃৰাজ্যৰ পৰা অহা লোকৰ শৰীৰত অধিক ক'ভিদ-19 পজিটিভ পোৱা গৈছে সেয়ে এই ক্ষেত্ৰত বঙাইগাঁও জিলা প্ৰশাসন যথেষ্ট সজাগ হোৱা পৰিলক্ষিত হৈছে আৰু ৰে'লেৰে আহি পোৱা যাত্ৰী সকলক তন্ন তন্নকৈ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে নিউ বঙাইগাঁও জংচনত৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।