জাগুনৰ ফানেং ফুলবাৰী ঘাটত সন্ধানহীন হোৱা লোকজনৰ মৃতদেহ উদ্ধাৰ

 05/31/2020 - 14:02

জাগুন: জাগুনৰ ফানেং ফুলবাৰী ঘাটত যোৱা শুক্ৰবাৰে টিৰাপ নৈত পৰি সন্ধানহীন হোৱা লোকজনৰ মৃতদেহ উদ্ধাৰ। পুৱা নদীয়েদি গৰু পাৰ কৰাবলৈ লওঁতে নৈৰ কোবাল সোঁতত উটি যায় পুতলো কৰ্মকাৰ (৪২) নামৰ লোকজনক আজি নৈপৰীয়া ৰাইজে পানী উপঙি থকা প্ৰতক্ষ্য কৰে আৰু লগেলগে জাগুন আৰক্ষীক মৃতদেহটোৰ সন্দৰ্ভত অবগত কৰে। ঘটনাস্থলীত জাগুন আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

মৃত লোকজন ২ নং ফানেং কেনিয়া গাঁৱৰ বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।