কাশ্মীৰৰ পৰা ২৭ দিন খোজ কাঢ়ি ৰঙাপৰাত উপস্থিত হয় অনন্ত ৰাণা নামৰ যুৱকজন

 06/01/2020 - 15:43

জামুগুৰিহাট: সুদুৰ কাশ্মীৰৰ পৰা ২৭ দিন ধৰি খোজ কাঢ়ি আহি শোণিতপুৰ জিলাৰ ৰঙাপৰাত উপস্থিত হয়হি এজন যুৱক। যুৱকজনৰ নাম অনন্ত ৰাণা। যুৱকজনৰ ঘৰ ৰঙাপৰাৰ ৰৌনতপুৰ। কাশ্মীৰৰ কনডাহত নামৰ ঠাইৰ এজন ব্যক্তিৰ ঘৰত ৰান্ধনী হিচাপে কৰ্মৰত আছিল যুৱকজন। প্ৰথম অৱস্থাত কাশ্মীৰৰ পৰা এখন ট্ৰাকত উঠিছিল যদিও ট্ৰাকখন য'লৈকে আহিছিল তাৰ পৰা নামি খোজকাঢ়ি আহি প্ৰায় ২৭ দিনৰ পিচত অসমত প্ৰৱেশ কৰে অনন্ত ৰাণা নামৰ যুৱকজন।

ইতিমধ্যে যুৱকজনক তেজপুৰত যাবতীয় স্বাস্থ্য পৰীক্ষা কৰাৰ পিচত ৰঙাপৰা মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰত প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে বহি:ৰাজ্যত কিছু দুৰ্বৃত্তই লগত লৈ অহা মোবাইল আৰু টকাখিনি কাঢ়ি লৈ যায় ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।