তামুলপুৰৰ দোৱামখাত অজগৰ উদ্ধাৰ

 06/03/2020 - 13:37

তামুলপুৰ: তামুলপুৰ মহকুমাৰ লতিবাৰীৰ দোৱামাখা অঞ্চলত আজি উদ্ধাৰ হৈছে এডাল অজগৰ সাপ। প্ৰায় ৪ ফুট দীঘলৰ এই সাপটো ৰমেন দাস নামৰ কৃষক গৰাকীয়ে উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। নিশা ৰমেন দাস নামৰ কৃষক গৰাকীয়ে নিজৰ খেতিত জাল পাতি থোৱা অৱস্থাত উদ্ধাৰ হয় এই অজগৰডাল।

স্থানীয় লোকে সন্দেহ কৰা অনুসৰি ভূটান পাহাৰত হৈ থকা বৰষুণৰ পানীয়ে উটুৱাই আনিছিল অজগৰডাল। ঘটনা সন্দৰ্ভত ইতিমধ্যে অঞ্চলটোৰ লোকে বন-বিভাগৰ লোকক খবৰ দিয়াত বন বিভাগৰ দল ঘটনাস্থলীত ৰাওনা হোৱা বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।