পুৰ্ণদৈচপৰা অংগনৱাড়ী কেন্দ্ৰত অভিভাৱকৰ হুৱা-দুৱাঃ শিশু খাদ্যত পোক

 06/03/2020 - 17:40
 
 
বাহাৰঘাটঃ নলবাৰীৰ বড়িগোগ বনভাগ সংহত শিশু বিকাশ প্ৰকল্পৰ অধীনস্থ ৫ নং পূৰ্নদৈচপৰা (লহকৰপাৰা) অংগনৱাড়ী কেন্দ্ৰত শিশু খাদ্যত পোক দেখি অভিভাৱকে হুৱা-দুৱা লগাই৷ যোৱাকালি কেন্দ্ৰটোৰ কৰ্মীগৰাকীয়ে ঘগ্ৰাপাৰস্থ বড়িগোগ বনভাগ সংহত শিশু বিকাশ প্ৰকল্পৰ কাৰ্য্যালয়ৰ পৰা শিশু সকলৰ মাজত বিতৰণ কৰাৰ বাবে খাদ্য হিচাবে চাউল আৰু মটৰ সংগ্ৰহ কৰে৷ আজি পুৱাৰ ভাগত কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতিৰ উপস্থিতিত খাদ্য বিতৰণ কৰিবলৈ লোৱাত ঘটনাটো পোহৰলৈ আহে৷ খাদ্যৰ নামত দিয়া চাউলত কলা পোক আৰু মটৰ সমূহো নিম্নমানৰ৷ চাউলৰ বেগত ৰাজভোগ লেবেল লগাই ভিতৰত নিম্নমানৰ পোকে খোৱা চাউল দি শিশু সকলক প্ৰতাড়না কৰিছে৷ এনেকৈ একাংশ ব্যৱসায়ীয়ে গ্ৰাম্যাঞ্চলৰ শিশু সকলক প্ৰতাড়না কৰি অধিক মুনফা লাভ কৰি আছে৷ এইক্ষেত্ৰত একাংশ সমাজ কল্যান বিভাগৰ বিষয়া কৰ্মচাৰীক মেনেজ কৰি ৰমৰমীয়া ব্যৱসায় চলাই ৰাইজক ৰাম ঠগন দি আহিছে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।