মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ আগমুহুৰ্তত আলিটাঙনিত ছাত্ৰৰ আত্মহত্যা

 06/05/2020 - 14:52

বটদ্ৰৱা: কাইলৈ ঘোষিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ আগমুহুৰ্তত শুক্ৰবাৰে নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত আলিটাঙনী চাৰিআলিত এজন মেট্ৰিক পৰীক্ষাৰ্থী ছাত্ৰই পুৱাৰ ভাগত ডিঙিত ছীপজৰি লৈ আত্মহত্যা কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি আলিটাঙনি চাৰিআলিৰ নিবাসী আব্দুল ৰছিদৰ পুত্ৰ তথা আলিটাঙনি এম এ ফৰাজী মডেল স্কুলৰ ছাত্ৰ ফাৰজিকুল ইছলামে (১৬) পুৱাৰ ভাগত নিজৰ গৃহৰ অধ্যয়ণ কক্ষত ডিঙিত ছীপ লৈ ওলমি থকা অৱস্থাত পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে। ঘটনাৰ পিছত পৰিয়াল আৰু চুবুৰীয়াৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

উল্লেখ্য যে, ফাৰজিকুল ইছলাম মেট্ৰিক পৰীক্ষাৰ্থী আছিল। ঘটনাস্থলীত জুৰীয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰভাৱে নগাঁৱলৈ প্ৰেৰণ কৰে। মেট্ৰিক পৰীক্ষাৰ আগত এইদৰে এজন ছাত্ৰৰ আত্মহত্যাৰ ঘটনাই অঞ্চলটোত এক চেপা উত্তেজনা বিৰাজ কৰা পৰিলক্ষিত হৈছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।