বাঘজানত আলফা যুদ্ধ বিৰতি গোটৰ নেতা প্ৰবাল নেওগ

 06/05/2020 - 18:24

ডুমডুমা: আজি বাঘজানৰ দুৰ্ভোগ ভুগা গঁঞা ৰাইজৰ ওচৰত থিয় দিয়ে আলফা যুদ্ধ বিৰত গোটৰ নেতা প্ৰবাল নেওগ। বাঘজানৰ আশ্ৰয় শিবিৰ বিলাকত গৈ দুৰ্গত লোকসকলৰ বুজ লয় অইল ইণ্ডিয়া আৰু অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি কয় য়ে, অইল ইণ্ডিয়া লিমিটেডে কেৱল তৈল খনন কাৰ্যত মনোনিৱেশ কৰে, জনসাধাৰণ আৰু প্ৰকৃতিৰ প্ৰতি অইল ইণ্ডিয়াই কোনো ধৰনৰ কেৰেপ নকৰে 

গুজৰাটত চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তী নিৰ্মাণৰ বাবে অইল ইণ্ডিয়াই ৪২ কোটি টকা প্ৰদান কৰাৰ বিপৰীতে অসমত উন্নয়ন বাবে সেই ধৰনে ধন খৰচ নকৰাৰ অভিযোগ তুলি আলফা নেতা গৰাকীয়ে অসম চৰকাৰৰ কৃষি মন্ত্ৰীয়ে বাঘজান অঞ্চল পৰিদৰ্শন নকৰাকলৈও তীব্ৰ ক্ষোভ উজাৰে 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।