দেৱাশিষ গগৈৰ সোঁৱৰণত কাকপথাৰত আটাছুৰ বন্তি প্ৰজ্বলন

 06/06/2020 - 14:11
 
 
কাকপথাৰঃ মৰিয়নিত সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডত প্ৰাণ হেৰোৱা দেৱাশিষ গগৈৰ সোঁৱৰণত কাকপথাৰ আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাই শুকুৰবাৰে বন্তি প্ৰজ্বলনৰ এক কাৰ্যসূচী ৰূপায়ন কৰে৷ উক্ত কাৰ্যসূচীত দেৱাশিষ গগৈৰ প্ৰতিচ্ছবি আগত লৈ বন্তি প্ৰজ্বলন কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক অভিজিত ফুকনে৷ বন্তি প্ৰজ্বলনৰ পাছতে সংগঠনটোৰ অন্য বিষয়ববীয়া আৰু সদস্যসকলে পুষ্পাঞ্জলি অৰ্পণ কৰে দেৱাশিষ গগৈৰ প্ৰতিচ্ছবিত৷ অভিজিত ফুকনে সংবাদ মাধ্যমৰ আগত দেৱাশিষ গগৈৰ হত্যাকাণ্ডক কঠোৰ ভাষাৰে ধিক্কাৰ দিয়াৰ লগতে দুষিক শীঘ্ৰেই আদালতত বিচাৰ কৰি শাস্তি দিবলৈ দাবী জনায়৷ অন্যহাতে বিগত সময়ত দকমকা কাণ্ডত প্ৰাণ হেৰোৱা অভিজিত আৰু নীলোৎপৰ লগতে নিৰ্মমভাৱে হত্যা কৰা বাগিছাৰ চিকিৎসক দেবেন দত্তৰ হত্যাৰ বিচাৰ ফাৰ্ষ্ট্ৰেক আদালতত কৰাৰ যি আশ্বাস প্ৰদান কৰিছিল তাক প্ৰকৃত ৰূপত ৰূপায়ন কৰিবলৈও দাবী জনায়৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।