টিৰাপ পৰীক্ষা কেন্দ্ৰৰ ভিতৰত এইবাৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে বিকাশ ভূজেলে

 06/06/2020 - 18:01

 জাগুন:  আজি ঘোষিত হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। টিৰাপ পৰীক্ষা কেন্দ্ৰৰ ভিতৰত এইবাৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ছেণ্ট পল বিদ্যালয়ৰ বিকাশ ভূজেলে মুঠ ৫৫৭ নম্বৰেৰে শতকৰা ৯২.৮৩  লৈ উত্তীৰ্ণ হৈছে তেওঁ। তেওঁৰ ফলাফলত আনন্দিত হৈ পৰিছে অভিভাৱক, লগতে গাঁওবাসী।

আজি তেওঁৰ গৃহত ভাৰতীয় গোৰ্খা যুৱ পৰিসংঘৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাহুল চেত্ৰী উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে। ভবিষ্যতে ছফটৱেৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন পুহি ৰাখিছে বিকাশে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।