বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত নামশলাৰ এগৰাকী মহিলা কৰ্কট ৰোগত আক্ৰান্তঃ চৰকাৰ আৰু সু-হৃদয়বান লোকলৈ সহায়ৰ আহ্বান

 06/12/2020 - 17:45


পূব বৰপেটাঃ এগৰাকী নিঃসহায় মহিলাৰ কৰুণ কাহিনী। দুই কনমানি সন্তানক লৈ দিনতে এন্ধাৰ দেখিছে কৰ্কট ৰোগত আক্ৰান্ত এগৰাকী বিধবা মহিলাই। বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত নামশলাৰ এইগৰাকী মহিলা কৰ্কট ৰোগত আক্ৰান্ত। ডেৰ বছৰ ধৰি তেজৰ কৰ্কট ৰোগত আক্ৰান্ত এইগৰাকী বিধৱা মহিলা। মহিলাগৰাকীৰ নাম কবিতা লহকৰ। দুগৰাকী ১২ বছৰীয়া যমজ কন্যা আৰু ল'ৰা সন্তান থকা বিধৱা মহিলাগৰাকীয়ে এতিয়া অসহায় হৈ চকুৰে সৰিয়ঁহৰ ফুল দেখিছে। তেজৰ কৰ্কট ৰোগত আক্ৰান্ত মহিলা গৰাকীৰ স্বামীয়ে আৰ্থিক দৈন্যতাৰ বাবে পত্নীৰ চিকিৎসা কৰিবলৈ অসমৰ্থ হৈ আত্মহত্যা কৰিলে। মহিলাগৰাকীৰ স্বামীয়ে পত্নীৰ চিকিৎসা কৰিব নোৱাৰি হতাশাত ভুগি ৯ মাহ পূৰ্বে আত্মহত্যা কৰিছিল। স্বামীৰ মৃত্যুৰ পিছৰ পৰাই পৰিয়ালটোলৈ নামি আহিছে অমানিশা। এসাজ খালে এসাজ লঘোণে কটাইছে দিন। প্ৰায়ে নিমখ ভাত খাই থাকিবলগীয়া হৈছে দুই সন্তানে। ঘৰৰ চোতালত ৰোৱা ভোটজলকীয়া বিক্ৰী কৰি ঔষধ কিনিব লগীয়া হয় কবিতা লহকৰে। ওচৰ চুবুৰীয়াৰ দুই এজন সহৃদয়বান লোকে সহায় কৰি আছে যদিও সেয়া পৰ্যাপ্ত নহয়। এতিয়া চিকিৎসা কৰিবলৈও নাই কোনো টকা-পইচা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা কৰি আছে মহিলাগৰাকী। কবিতা লহকৰ আৰু সন্তানৰ চকুত চকুপানী। মাতৃক আৰোগ্য কৰি তুলিবলৈ চৰকাৰ তথা সহৃদয়বান লোকক কাতৰ আহ্বান জনায় কণমানি কন্যাগৰাকীয়ে। কণমানি ছোৱালীজনীৰ এই আহ্বান সচাকৈয়ে বৰ দুখ লগা। দুৰ্যোগৰ সম্মুখীন হোৱা এই অসহায় পৰিয়ালটোক এতিয়া প্ৰয়োজন মাথো আপোনাৰ অকণমান সহায়ৰ। কোনো সহৃদয়বান লোকে মহিলাগৰাকীক সহায় কৰিব বিচাৰিলে সৰ্থেবাৰী এচবিআইত থকা কবিতা লহকৰৰ একাউণ্ট নম্বৰ 38873660790 আৰু IFSC Code -SBIN0011611ত ধন জমা দিবলৈ নাইবা 9101291483 আৰু 9706542066 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ মহিলাগৰাকীয়ে অনুৰোধ জনাইছে। আপোনাৰ এধানিমান মৰমে হয়তো এই কণ কণ শিশু দুটাৰ মুখত কিছু হাঁহি বিৰিঙাব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।