বৰপেটা আৰু বৰনগৰ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদ কণ্টেইনমেণ্ট জ'ন ঘোষণা জিলা প্ৰশাসনৰ

 07/04/2020 - 16:19


বৰপেটাঃ দুয়োটা চৰকাৰী কাৰ্যালয়ৰ মুঠ ৫ কৰ্মচাৰী ক’ৰনাত আক্ৰান্ত হোৱা বাবেই এই সিদ্ধান্ত বৰপেটা জিলাৰ উপায়ুক্তৰ৷ বৰপেটাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় চৌহদো কণ্টেইনমেণ্ট জ'ন ঘোষণা প্ৰশাসনৰ৷ কাৰ্যালয়টোৰ অধীনৰ এগৰাকী সহকাৰী অভিযন্তা আক্ৰান্ত হৈছে ক’ৰনাত৷ কণ্টেইনমেণ্ট জ'ন ঘোষিত তিনিওটা চৰকাৰী কাৰ্যালয় অতিশীঘ্ৰে ছীল কৰাৰ নিৰ্দেশ উপায়ুক্তৰ৷ অনুমতি অবিহনে তিনিওটা কণ্টেইনমেণ্ট জ'নত অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব প্ৰৱেশ-প্ৰস্থান৷ কণ্টেইনমেণ্ট জ'ন এলেকাত কঠোৰভাৱে বলবৎ হ'ব সামাজিক দূৰত্ব বজাই ৰখাৰ নীতি-নিৰ্দেশনা৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।