ৰিয়েল মাদ্রিদলৈ যােৱাৰ মন নেইমাৰৰ

 03/06/2019 - 18:41

ডিজিটেল ডেস্কঃ পেৰিছ ছেইণ্ট জার্মেইন এৰি এইবাৰ ৰিয়েল মাদ্রিদলৈ যােৱাৰ মন মেলিছে ব্রাজিলৰ তাৰকা ফুটবলাৰ নেইমাৰে।

বিশ্বৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিচিত নেইমাৰে অচিৰেই পেৰিছ ছেইণ্ট জার্মেইনৰে চুক্তি সামৰাৰ পূর্ণ সম্ভাৱনা আছে।

বর্তমান ব্রাজিলৰ খেলুৱৈগৰাকীৰ মন ৰিয়েল মাদ্রিদ হৈ খেলাৰ। ব্রাজিলৰ বৈদ্যুতিন মাধ্যমৰে হােৱা এক সাক্ষাৎকাৰত বিশ্বৰ অন্যতম শ্রেষ্ঠ খেলুৱৈ নেইমাৰে কয় যে ভৱিষ্যতত যিকোনাে ঘটনা ঘটাৰ সম্ভাৱনা আছে।

"মই কোৱা নাই যে পি এছ জি এৰি ৰিয়েল মাদ্রিদলৈ যাম। অৱশ্যে ভৱিষ্যতত যিকোনাে ঘটনা ঘটাৰ সম্ভাৱনা আছে। ৰিয়েল মাদ্রিদ হ’ল বিশ্বৰ আটাইতকৈ বৃহৎ দল। সকলাে খেলুৱৈয়ে এবাৰ হলেও ৰিয়েল মাদ্রিদৰ হৈ খেলাৰ সপােন দেখে"।

এনেদৰে মত ব্যক্ত কৰে ব্ৰাজিলৰ তাৰকা খেলুৱৈগৰাকীয়ে। সম্প্রতি ভৰিৰ আঘাতৰ পৰা আৰােগ্য লাভ কৰা নেইমাৰে ২০১৭ চনত বার্চিলােনা এৰি পেৰিছ ছেইণ্ট জার্মেইনৰে চুক্তিবদ্ধ হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।