ঢেকীয়াজুলি বনবিভাগৰ বৃহৎ সাফল্যঃ অবৈধ কাঠ ভৰ্তি ট্ৰাক জব্দ

 07/14/2020 - 14:25

 

ঢেকীয়াজুলিঃ ঢেকীয়াজুলিত জব্দ কৰা হৈছে এখন চোৰাং কাঠ ভৰ্তি ট্ৰাক। নিশা এক গোপন সূত্রৰ পম খেদি ঢেকীয়াজুলি বনাঞ্চলিক কাৰ্যালয়ৰ ৰেঞ্জাৰ কল্যাণী মালাকাৰৰ নেতৃত্বত বন কাৰ্যালয়ৰ এটি ছয়জনীয়া সজাতি দলে কাঠ ভৰ্তি AS-12E 3086 নম্বৰৰ এখন পাঞ্জাব বডী ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।

জানিব দিয়া মতে, তিতাচপা কাঠ ভৰ্তি ট্ৰাকখন অৰুণাচলৰ পৰা ঢেকিয়াজুলি অভিমুখে আহি থকা অৱস্থাত এক বিশেষ সূত্ৰৰ আধাৰত ঢেকীয়াজুলি আৰক্ষী থানাৰ সমীপত জব্দ কৰে যদিও আন্ধাৰৰ সুযোগলৈ ট্ৰাকখনৰ চালক হেণ্ডিমেন পলাই যাবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, ট্ৰাকখনত কাঠৰ কাঠখিনিৰ বজাৰ মূল্য হ'ব প্ৰায় ২-৩ লাখ টকা। তদুপৰি জানিব দিয়া মতে, ট্ৰাকৰ গৰাকী বা কাঠখিনিৰ গৰাকী কোন হয়, ইয়াৰ একো তথ্য ওলোৱা নাই। আনহাতেদি ট্ৰাকখনত কাঠখিনি ক'লৈ লৈ গৈ আছিল তাৰো কোনো সঠিক তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।