মছলাপাৰা গাঁও পঞ্চায়তত ওখ ভেঁটি নিৰ্মাণত দুৰ্নীতিৰ অভিযোগঃ তদন্তৰ দাবী পঞ্চায়ত বাসীৰ

 05/09/2019 - 13:41

বিলাসীপাৰাঃ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগত নিযুক্তি কেলেংকাৰীৰ পিছত এইবাৰ এম জি এন ৰেগা আচনিত সংঘটিত হৈছে ব্যাপক জালিয়াতি কাণ্ড।এই ক্ষেত্ৰত পিছ পৰি থকা নাই পশ্চিম অসমৰ ধুবুৰী জিলাৰ নায়েৰ আলগা উন্নয়ন খণ্ডও। শেহতীয়াকৈ নায়েৰ আলগা উন্নয়ন খণ্ডৰ মছলাপাৰা গাঁও পঞ্চায়তত সংঘটিত হৈছে এই বৃহৎ কেলেংকাৰী। পঞ্চায়তখনৰ কালাইৰ চৰ এলপি স্কুলত ওখ ভেঁটি নিৰ্মাণৰ বাবে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগে ২০১৮/১৯বৰ্ষত ৪,৯৭,৯১২ টকা আবন্টন দিয়ে যদিও পঞ্চায়তৰ বহু বিতৰ্কিত সভাপতি বাহাদুৰ ইছলামে ওখ ভেঁটি নিৰ্মাণত জালিয়াতি সংঘটিত কৰি লজ্জানত কৰিছে উন্নয়ন খণ্ডৰ কাৰ্যলয়ক।

প্ৰাপ্ত অভিযোগ মতে কালাইৰ চৰ এল পি স্কুলৰ ওখ ভেঁটি নিৰ্মাণৰ বাবে আবন্টন দিয়া টকাৰে অজ্ঞাত ঠাইত ট্ৰেক্টৰৰ দ্বাৰা নামমাত্ৰ কাম কৰি আবণ্টিত ধনৰ সিংহভাগ আত্মসাৎ কৰাৰ ফান্দ পাতিছে বুলি অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰিও নতুন কৈ আবণ্টিত ধনেৰে চৰকাৰী কামৰ ফলক নলগাকৈ পূৰ্বতে নিৰ্মাণ কৰা পথৰ ফলকত ৰং লগাই কাম সমাপ্ত হৈছে বুলি ৰাইজক বিভ্ৰান্ত কৰিছে।

সভাপতি জনৰ এনে জালিয়াতি কাণ্ডক সহজ ভাবে নলৈ ইয়াৰ ন্যায়িক তদন্ত বিচাৰিছে সংশ্লিষ্ট পঞ্চায়ত বাসীয়ে। মনকৰিবলগীয়া যে,এই গৰাকী পঞ্চায়ত সভাপতি বাহাদুৰ ইছলামে জালিয়াতিৰে নিজৰ নাম দুটা ঠাইত অন্তৰ্ভূক্ত কৰাই বিতৰ্ক সৃষ্টি কৰাৰ উপৰিও ডি ভোটাৰ হৈয়ো জালিয়াতিৰে নাগৰিকত্ব পাবলৈ সক্ষম হৈছে। ফলত এনে এগৰাকী ব্যক্তিৰ দ্বাৰা যে পঞ্চায়তখনত সঘনাই জালিয়াতি কাণ্ড সংঘটিত হ’ব সেয়াই আগতীয়াকৈ স্পষ্ট হৈ পৰিছে বুলি ৰাইজৰ মাজত ব্যাপক চৰ্চা চলিছে।এই ক্ষেত্ৰত বিভাগীয় কৰ্ত্তৃপক্ষই উক্ত কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া কেনেদৰে গ্ৰহণ কৰে সেয়া সময়ত হে লক্ষ্যণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।