ডবকাৰ নীলবাগান আশিনগৰৰ এজন ছাত্ৰ নিৰুদ্দেশ

 07/19/2020 - 13:34

 

ডবকাঃ ডবকা নীলবাগান আশিনগৰৰ এজন ছাত্ৰ ২০১৯ বৰ্ষৰ ২৪ ডিচেম্বৰ তাৰিখে নিৰুদ্দেশ হয়। নিৰুদ্দেশ হোৱা ছাত্ৰ জনৰ নাম ইশ্বাদুল হক। ইশ্বাদুল হক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ নৱম চেমিষ্টাৰৰ এজন ছাত্ৰ আছিল। মাতৃহীনা ইশ্বাদুল হক অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মেধাৱী ছাত্ৰ আছিল। মাতৃহীনা ইশ্বাদুল হকৰ আছিল মাঁহী মাক। মাতৃহীনা ইশ্বাদুল হকক লৈ পিতৃৰ এটা আশা আছিল পুত্ৰ হ’ব ডক্টৰ। কিন্তু সেই সপোন দেখাৰ আগতে পুত্ৰ হ’ল নিৰুদ্দেশ। ২০১৯ বৰ্ষৰ ১৯ ডিচেম্বৰ তাৰিখে অনুমাণিক সন্ধিয়া ৭ বজাত ইশ্বাদুল হক পৰিয়ালত এটা ফোন কল আহিল।

ফোন কলটোৰ দ্ধাৰা ইশ্বাদুল হকৰ হোষ্টেলৰ এজন বন্ধুৱে সুধিছিল ইশ্বাদুল ঘৰত গৈছে নেকি? পৰিয়ালৰ লোকে উত্তৰ দিছিল নাই অহা। সেই সময়ৰ পৰাই ইশ্বাদুল হক নিৰুদ্দেশ হৈ পৰে। ইশ্বাদুল হকক বিচাৰি পৰিয়ালৰ লোকে হাঁহাকাৰ হৈ পৰে। কিন্তু বৰ্তমানলৈকে পোৱা নাই কোনো শুংসূত্ৰ। ইশ্বাদুল হক নিৰুদ্দেশ হোৱাৰ এমাহ পাছতেই আছিল ইশ্বাদুল হকৰ পৰীক্ষা।

ইমান দিনে অধ্যয়ন কৰি অহা ইশ্বাদুলে শেষত দিব নোৱাৰিলে পৰীক্ষা। ইশ্বদুলক পৰিয়ালৰ লোকে বিচাৰি হাঁহাকাৰ হোৱা পাছতো নাই কোনোধৰনৰ সন্ধান। অধ্যয়ন কৰা বিশ্ব বিদ্যালয় খনৰ পৰাও নাপালে সহাঁৰি। এতিয়া চিন্তীত হৈ পৰিছে পৰিয়াল। পৰিয়ালৰ লোকৰ সন্দেহ তেওঁ অধ্যয়ন কৰা বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ এই ভয়ংকৰ কাণ্ডৰ লগত জড়িত।ইশ্বাদুলক কৰা হৈছে হত্যা ইয়াৰ আৰঁত আছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ ইশ্বাদুলৰ পৰিয়লালৰ স্পষ্ট মন্তব্য। অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ কি আহে সেয়াহে হ’ব লক্ষ্যণীয়?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.