মহানগৰীত অচিৰেই নতুন উৰণীয়া সেঁতু

 03/06/2019 - 19:34

গুৱাহাটী: প্ৰত্যেক দিনে মহানগৰ বাসিন্দাসকলে যান-জঁটৰ দুৰ্যোগ ভুগিবলগীয়া হয়। যাৰ ফলত হয় সময়ৰ অপচয়। তাৰোপৰি প্ৰতিটো দিনতে প্ৰায় ৭ লাখ বাহন আৰু ২০ লাখ মানুহৰ সমাগম হয় মহানগৰীত। জনসংখ্যা বঢ়াৰ লগে লগে ইয়াত বাণিজ্যিক বাহন,ব্যক্তিগত বাহনৰ উপৰি বৃদ্ধি পাইছে দুচকীয়া বাহনৰ সংখ্যা। মধ্যবিত্তসকলৰ যাতায়তৰ মাধ্যম ট্ৰেকাৰ, মেজিক, ৰিক্সা আদি অভাবনীয় ভাবে বৃদ্ধি পোৱাৰ ফলত দিনে দিনে যান জঁটৰ সমস্যাই তীব্ৰ ৰূপ ধাৰণ কৰিছে।

মহানগৰীত যান-জঁটৰ সমস্যা হ্ৰাস কৰাৰ বাবে ৰাধা গোবিন্দ বৰুৱা পথৰ পৰা বিষ্ণুৰাভা উৰণীয়া সেঁতু সংযোগ কৰি নিৰ্মাণ হ’ব এখন নতুন উৰণীয়া সেঁতু। নতুন উৰণীয়া সেঁতুখন নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সেঁতুখনৰ মুঠ দৈৰ্ঘ্য ৪৭৬ মিটাৰ আৰু মুঠ খৰছ ৫৮.৭৮ কোটি টকা। ১৮ মাহৰ ভিতৰত উৰণীয়া সেঁতুখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে। এয়া মহানগৰবাসীৰ বাবে সু-খবৰ আৰু চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।