বৰখালাত যুবনেতা দিলীপ কুমাৰ দাসৰ দ্বাৰা কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

 07/23/2020 - 18:45

 

বাহাৰঘাটঃ নলবাৰী সমষ্টিৰ অন্তৰ্গত অগপ ১১ নং দেহাৰকুছি আঞ্চলিক সমিতিৰ উদ্যোগত অগপ যুবনেতা দিলীপ কুমাৰ দাসৰ সহযোগত আজি বৰখালাত পঞ্চায়ত খনৰ অন্তৰ্গত গাঁও সমূহৰ কৃতী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে৷ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলক ফুলাম গামোচা, মানপত্ৰৰে যুৱ নেতা গৰাকীয়ে সম্বৰ্ধনা জনাই৷ সম্বৰ্ধনা জনোৱাৰ আগতে নেতা গৰাকীয়ে অৰ্থনৈতিকভাবে অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীসকলক তেওঁ অৰ্থনৈতিকভাৱে সহায় কৰাৰো আশ্বাস প্ৰদান কৰে৷

অনুষ্ঠানত অসম ফিচফেদৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাবে সদ্য নিযুক্ত আৱাল জাহিৰ চৌধুৰীক আঞ্চলিক অগপৰ তৰফৰ পৰা সম্বৰ্ধনা জনাই৷ জেষ্ঠ্য অগপ কৰ্মী খগেন ভট্টই আঁতধৰা অনুস্থানটোত অসম যুৱ পৰিষদ নলবাৰী জিলা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া, দেহাৰকুছি অগপৰ কৰ্মীসকলৰ লগতে অভিভাৱক আৰু সম্বৰ্ধিত ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে৷ অনুষ্ঠানৰ আৰম্ভণিতে জেষ্ঠ্য অগপ কৰ্মী আলহাজ চফিতউদ্দিন চৌধুৰীৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।