লামডিংৰ নখুটিত পৰিয়াল কেন্দ্ৰিক বিবাদৰ বাবে চিপ লৈ আত্মহত্যা এজন যুৱকৰ

 07/26/2020 - 17:47

 

লামডিংঃ যোৱা ১৬ জুলাই তাৰিখে নখুটিৰ ১নং চাৰ্কেবস্তিত স্বামী ছাইদুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালে বিহ প্ৰাণ কৰোৱাই হত্যা কৰাৰ চেষ্টা কৰিছিল ছাইদুৰ অন্তঃসত্বা পত্নী অয়েশা খাতুনক।উক্ত ঘটনা সন্দৰ্ভত অয়েশা খাতুনে স্বামী আৰু স্বামী পৰিয়ালৰ বিৰুদ্ধে নখুটী আৰক্ষী পহৰা চকীত দাখিল কৰিছিল এজাহাৰ। কিন্তু যোৱা নিশা ছাইদুৰ ৰহমানে নিজ ঘৰৰ সমিপৰ এজোপা গছত চীপ লৈ কৰে আত্মহত্যা।

পত্নীৰ লগত হোৱা পৰিয়াল কেন্দ্ৰীক কন্দলৰ বাবেই ছাইদুৰে এনে ঘটনা সংঘটিত কৰাৰ সন্দেহ। বৰ্তমান নখুটী আৰক্ষীয়ে ছাইদুৰৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰনোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আনহাতে আকৌ, ছাইদুৰৰ পিতৃয়ে বোৱাৰী অয়েশা খাতুন আৰু বোৱাৰীৰ পৰিয়ালৰ বিৰুদ্ধে দাখিল কৰিছে আন এক এজাহাৰ। ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।